গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ স্থায়ী বাছ আস্থান নিৰ্ণয় তথা চিটি বাছ চালকৰ দৌৰাত্ম ৰোধ সম্পৰ্কত জিলাবাসীৰ দীৰ্ঘদিনীয়া সমস্যাৰ স্থায়ী সমাধানৰ উদ্দেশ্যে আজি জিলা উপায়ুক্ত পল্লৱ গোপাল ঝাই ডিলাক্স এছ’চিয়েশ্বন, মিনি বাছ এছ’চিয়েশ্বন, গুৱাহাটী মেট্ৰ এছ’চিয়েশ্বন আদি বাছ সন্থাৰ সভাপতি-সম্পাদক আৰু গুৱাহাটী পৌৰ নিগম, জিলা পৰিবহন, ৰাষ্ট্ৰীয় ঘাইপথ কৰ্তৃপক্ষ আদিৰ বিষয়াবৰ্গৰ লগত এখন সভা অনুষ্ঠিত কৰে।

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে মহানগৰৰ উৰণ সেঁতুসমূহত বাছ ৰখোৱাটো কঠোৰভাৱে বন্ধ কৰিবলৈ গুৱাহাটী ট্ৰেফিক আৰক্ষীক ব্যৱস্থা লব’লৈ নিৰ্দেশ দিয়ে। ইয়াৰ উপৰি মহানগৰৰ ৬০ টা বিভিন্ন বাছ আস্থানত অতি সোনকালে আস্থান হিচাপে চিহ্নিত কৰা স্থায়ী ফলক লগাবলৈ গুৱাহাটী পৌৰনিগম, পৰিবহন বিভাগ আৰু লোক নিৰ্মাণ বিভাগক যুটীয়াভাৱে ব্যৱস্থা লব’লৈ উপায়ুক্তগৰাকীয়ে নিৰ্দেশ দিয়ে।

আনহাতে, এতিয়াৰে পৰা চালকৰ বেআইনী কোনো কামৰ বাবে আৰু চিহ্নিত নকৰা স্থানত বাছ ৰখালে মালিকৰ পৰিৱৰ্তে বাছচালকৰ ওপৰত শাস্তিমূলক ব্যৱস্থা লোৱা হ’ব।

অতিৰিক্ত উপায়ুক্ত বিপুল কুমাৰ দাস, গুৱাহাটী পৌৰ নিগমৰ যুটীয়া আয়ুক্ত এছ বৰুৱা, যান-বাহন শাখাৰ উপ আৰক্ষী আয়ুক্ত দেৱাশীষ বৰা আদিৰ উপৰি সংশ্লিষ্ট সকলো বিভাগৰে বিষয়া-বৰ্গ সভাত উপস্থিত থাকে।

লগতে পঢ়ক- পথ দূৰ্ঘটনাক লৈ তেজপুৰত উতপ্ত পৰিস্থিতি

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,991 other subscribers

Leave a comment

Leave a Reply