বহুজাতিক কোম্পানী অ’লা–উবেৰ কর্তৃপক্ষই বছৰৰ পাছত বছৰ ধৰি কেবচালকসকলক লুণ্ঠন চলাই অহাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰি সদৌ গুৱাহাটী কেবচালক সন্থাই অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জনৰ সিদ্ধান্ত গ্রহণ কৰে ৷ কেবচালক সন্থাই অ’লা–উবেৰ কর্তৃপক্ষৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে প্রতিবাদ সাব্যস্ত কৰি আহিছে যদিও অ’লা–উবেৰ কর্তৃপক্ষই তেওঁলোকৰ দাবীসমূহ গুৰুত্ব নিদিয়াৰ অভিযোগ ৷
গুৱাহাটী মহানগৰীত অ’লা আৰু উবেৰত প্রায় ১৫ হাজাৰ শিক্ষিত নিবনুৱাই এটা সময়ত কেব চলাই পৰিয়াল পোহপাল দি আহিছিল৷ কিন্তু অ’লা–উবেৰ কর্তৃপক্ষই কোনো গুৰুত্ব নিদিয়াৰ বাবেই বর্তমান ৫ হাজাৰ চালকেহে অ’লা–উবেৰত কেব চলাই আছে৷ বিগত ৩ বছৰ ধৰি বহুজাতিক কোম্পানী অ’লা–উবেৰে কেবচালকসকলক চলাই অহা শোষণৰ বাবে অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জনৰ দৰে চৰম সিদ্ধান্ত গ্রহণ কৰিছে |
সদৌ গুৱাহাটী কেবচালক সন্থাৰ সভাপতিয়ে জানিবলৈ দিয়া মতে, অহা ১ আগষ্টৰ পৰা অ’লা–উবেৰ বর্জন কৰি গুৱাহাটীৰ কেবচালকসকলে পে–ইণ্ডিয়া(Pe-india) নামৰ কোম্পানীটোৰ সৈতে চুক্তিবদ্ধ হ’ব ৷
গুৱাহাটীৰ যুৱ ব্যৱসায়ী ৰবি চৌধুৰী মালিকাধীন পে–ইণ্ডিয়া নামৰ কোম্পানীটোৱে পৰীক্ষামূলকভাৱে পে–ইণ্ডিয়া কেব গুৱাহাটীত চলাই আছে৷ এতিয়ালৈকে প্রায় ২ হাজাৰ কেবচালকে পে–ইণ্ডিয়াত পঞ্জীয়ন কৰিছে৷ অহা ১০–১৫ দিনৰ ভিতৰত গুৱাহাটীত পে–ইণ্ডিয়া কেব আনুষ্ঠানিকভাৱে গ্রাহকৰ বাবে মুকলি কৰিব৷
পে–ইণ্ডিয়াত পঞ্জীয়নভুক্ত কেবচালকসকলে ৫০০ টকাৰ ওপৰত ভাৰা মাৰিলে প্রতিদিনে জিএছটিসহ ১১৮ টকা আদায় দিব লাগিব৷ ৫০০ টকাৰ তলত ভাৰা মাৰিলে চালকসকলে কোম্পানীক কোনো ধৰণৰ মাচুল আদায় দিব নালাগে৷
বহুজাতিক কোম্পানী অ’লা–উবেৰ ত্যাগ কৰি থলুৱা কেবে গ্ৰাহকক কেনেদৰে সন্তোষ্ট কৰিব পাৰে অথবা চালকসকলক কেনেদৰে উপকৃত কৰিব সেয়া সময়তহে লক্ষণীয় হ’ব ৷
লগতে পঢ়ক কলাক্ষেত্ৰত ‘প্ৰাৰ্থনা’ আঁচনিৰ শুভ উদ্বোধন কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ