নিউজ ডেস্কঃ গুৱাহাটীসহ দেশৰ চাৰিখন উচ্চ ন্যায়ালয়ত কেন্দ্ৰীয় চৰকাৰে দেওবাৰে নতুন মুখ্য ন্যায়াধীশ নিযুক্তি দিয়ে।
কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে নৱনিযুক্ত মুখ্য ন্যায়াধীশৰ নাম ঘোষণা কৰি শুভেচ্ছা জনায় আৰু তেওঁ কয় যে, ভাৰতীয় সংবিধানৰ নিদিষ্ট নিয়মৰ অধীনত নৱ নিযুক্ত ন্যায়াধীশসকলক মুখ্য ন্যায়াধীশ হিচাৰে নিযুক্তি দিয়া হৈছে।
মন্ত্ৰীগৰাকীৰ ঘোষণা অনুসৰি ৰাজস্থান উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ সন্দীপ মেহতাক গুৱাহাটী উচ্চ ন্যায়ালয়লৈ আৰু গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ এন কোটিশ্বৰ সিঙক জম্মু-কাশ্মীৰ আৰু লাডাখ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ পদত নিযুক্তি দিয়া হৈছে।
ইফালে, গুজৰাট উচ্চ ন্যায়ালয়ৰ আটাইতকৈ জ্যেষ্ঠ ন্যায়াধীশ ছোনিয়া গিৰিধৰ গোকানিক গুজৰাট ন্যায়ালয়ৰে মুখ্য ন্যায়াধীশ আৰু ন্যায়াধীশ যশৱন্ত সিঙক ত্ৰিপুৰা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি দিয়া হৈছে।
উল্লেখযোগ্য যে, নৱ মুখ্য ন্যায়াধীশৰ দুগৰাকীয়ে চলিত মাহতে অৱসৰগ্ৰহণ কৰিব। ন্যায়াধীশ ছোনিয়া গিৰিধৰ গোকানি ২৫ ফেব্ৰুৱাৰীত আৰু নৱনিযুক্ত মুখ্য ন্যায়াধীশ যশৱন্ত সিঙে ২২ ফেব্ৰুৱাৰীত অৱসৰগ্ৰহণ কৰিব।
লগতে পঢ়ক – অসমৰ নতুন ৰাজ্যপাল গুলাব চান্দ কাটাৰিয়া