গুৱাহাটীক সৌন্দৰ্যময় চহৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টাৰ অংশ হিচাপে আজি আদাবাৰীত জি এম ডি এৰ দ্বাৰা স্থাপিত অটল উদ্যান উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। ৮ কোটি ৭৪ লাখ টকা ব্যয়েৰে নিৰ্মিত উদ্যানখনে ৮ বিঘা এলেকা সামৰি লৈছে।

উদ্যানখনত ২৫০জনীয়া আসনযুক্ত এম্ফি থিয়েটাৰ, ধ্যান ভৱন, মুকলি ব্যায়ামাগাৰ, শিশুৰ খেলা-ধূলাৰ সুবিধাকে ধৰি বহু সুবিধা উপলব্ধ কৰা হৈছে। এই অনুষ্ঠানৰ লগতে গুৱাহাটীৰ ১৫খন উদ্যান পৰিচালনা সমিতিক বিত্তীয় সাহায্যৰ চেক বিতৰণ কৰে।

স্থানীয় ৰাইজক, বিশেষকৈ মহিলাসকলক, এই উদ্যানসমূহৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব ল’বলৈ আৰু শিশু-কিশোৰ তথা যুৱক-যুৱতীসকলক উৎপাদনশীল কাৰ্যকলাপত নিয়োজিত কৰাৰ বাবে এই স্থানসমূহ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে।

তদুপৰি গুৱাহাটীত চলি থকা সকলো ফ্লাইঅভাৰ প্ৰকল্প নিৰ্ধাৰিত সময়ৰ ভিতৰত সম্পূৰ্ণ কৰা হ’ব বুলি মুখ্যমন্ত্ৰীয়ে জনাই।
গুৱাহাটীৰ চাৰিওটা সমষ্টিতে ইনড’ৰ ষ্টেডিয়াম, ছুইমিং পুল, ক্ৰীড়া কমপ্লেক্স নিৰ্মাণৰ পৰিকল্পনাও গ্ৰহণ কৰাৰ কথা প্ৰকাশ কৰে মুখ্যমন্ত্ৰীয়ে।

উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে সতীৰ্থ মন্ত্ৰী অশোক সিংহল, সাংসদ কুইন ওজা আৰু জি এম ডি এৰ অধ্যক্ষ নাৰায়ণ ডেকা।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply