নিৰ্বাচনী ফলাফল ঘোষণাৰ এসপ্তাহ উকলি যোৱাৰ পিছতো ৰাজ্যত মুখ্যমন্ত্ৰীকেন্দ্ৰিক উৎকণ্ঠা অব্যাহত থকাৰ পিছতো আজিও প্ৰকাশ নাপালে কোন হ’ব মুখ্যমন্ত্ৰী ৷ শনিবাৰে দিল্লীস্থিত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাৰ বাসগৃহত অনুষ্ঠিত হয় তিনিখনকৈ গুৰুত্বপূৰ্ণ বৈঠক ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপি নেতা বৈজয়ন্ত জয় পাণ্ডা আৰু নৰেন্দ্ৰ সিং টোমৰৰ সৈতে পৃথকে পৃথকে বৈঠকত অংশগ্ৰহণ কৰে সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মাই ৷
বৈঠকৰ অন্তত অৱশেষত সংবাদ মাধ্যমৰ আগত মন্তব্য প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ দেওবাৰে গুৱাহাটীত বিজেপি বিধায়িনী দলৰ বৈঠকত ঘোষিত হ’ব অসমৰ নতুন মুখ্যমন্ত্ৰীৰ নাম ৷
বৰ্তমান বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে ৬০ গৰাকী বিজেপি বিধায়ক ৷ আপাত দৃষ্টিত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ সমৰ্থনত থকা বিধায়কৰ সংখ্যাই অধিক ৷ সেই হিচাবত তেওকেই নিৰ্বাচিত কৰিব বুলি ভাবিব পাৰি ৷ কিন্তু কেন্দ্ৰীয় নেতৃত্বও উক্ত বৈঠকত অংশ ল’ব ৷
বাকী ৫৮ গৰাকী বিধায়কক কেন্দ্ৰীয় নেতৃত্বই কিবা নিৰ্দেশ দিব নেকি ? সেই ছবিখনো এতিয়াও স্পষ্ট হোৱা নাই৷ বৈঠকত কি আলোচনা হ’ল সেই সম্পৰ্কে এতিয়াও জানিব পৰা হোৱা নাই ৷ সমৰ্থক বিধায়কৰ সংখ্যা অধিক হলেই যে জয়ী হ’ব তাৰ কোনো মানে নাই ৷
কেন্দ্ৰীয় নেতৃত্বৰ দৃষ্টিত এই সময়ত অসমৰ মুখ্যমন্ত্ৰীৰ বাবে কোনজনে বেছিকৈ গুৰুত্ব পাই সেইজনেই বহিব পাৰিব ৷ সৰ্বানন্দ সোনোৱালৰ শিবিৰত থকা বিধায়ক সকলেও এতিয়ালৈকে মুখ খোলা নাই৷
ভাৰতীয় ৰাষ্ট্ৰীয় দলৰ ৰাজনীতিত এই ঘটনাই এটা কথাকেই প্ৰমাণিত কৰিছে সংখ্যাগৰিষ্ঠতা লাভ কৰাৰ পিছতো কোনো এটা দলে চৰকাৰ গঠন কৰাতো ইমান সহজসাধ্য নহয় ৷ বিশেষকৈ আভ্যন্তৰীণ বিসম্বাদ থাকিলে চৰকাৰ খনৰ পৰা জনসাধাৰণে সুফল লাভ কৰাত সমস্যা বহু ৷
এতিয়া কাইলৈ হ’ব লগা বিধায়নী দলৰ বৈঠকত গৰিষ্ঠ সংখ্যকৰ সমৰ্থন থকা জন নে কেন্দ্ৰীয় নেতৃত্বৰ শ্ৰুতলিপিত সমৰ্থন কৰা জন মুখ্যমন্ত্ৰী হ’ব ৷