নিউজ ডেস্কঃ বাঘজান তৈলখাদৰ চাৰিও দিশ জৈৱবৈচিত্ৰৰ ভাণ্ডাৰ । এই খাদটোৰ বিস্ফোৰণৰ ফলত পাৰ্শ্বৱৰ্তী অঞ্চলৰ ব্যাপক ক্ষতি হৈছে। 

অগ্নিকাণ্ড আৰু প্ৰদূষণৰ ফলত ডিব্ৰু ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ পৰিৱেশ, জলবায়ু, জীৱ জন্তুৰ মৃত্যু ঘটাৰ লগতে এই অঞ্চলত গেছ নিৰ্গত হোৱাৰ ফলত জনস্বাস্থ্যৰ প্ৰতি ভাবুকি আহে।

ভাৰতৰ উচ্চতম ন্যায়ালয়ে বৃহস্পতিবাৰে বাঘজান তৈলখাদ বিস্ফোৰণৰ ফলত ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান আৰু ইয়াৰ দাঁতিকাষৰীয়া অঞ্চলত হোৱা ক্ষয়-ক্ষতি নিৰ্ধাৰণ কৰিবলৈ গঠন কৰি দিছে এখন নতুন কমিটী ।

পূৰ্বৰ ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে গঠন কৰা কমিটীখন ভংগ কৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি পি কটকীৰ নেতৃত্বত গঠন কৰা হৈছে নতুন কমিটীখন ।

পূৰ্বৰ কমিটীখন মুখ্য সচিবৰ নেতৃত্বত গঠন হৈছিল আৰু OILৰ পৰিচালন সঞ্চালক কমিটীখনৰ সদস্য হৈ আছিল ।

শুনানিকালত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ ডি ওয়াই চন্দ্রচুড়ে ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানৰ মূৰব্বী সদস্য হৈ থকাটো নিয়ম বহিৰ্ভূত বুলি অভিহিত কৰে ।

লগতে পঢ়কঃডিম্পলে চিগাৰেট খোৱাৰ বাবে আশিক গুপ্তাই হত্যা কৰিলে ডিম্পলক

কমিটীখনৰ আন সদস্য কেইজন হৈছে ভাৰতীয় বন্যপ্ৰাণী প্ৰতিষ্ঠানৰ প্ৰৱক্তা কমৰ কুৰেছি, Wetland International, South Asiaৰ সঞ্চালক ৰিটেশ কুমাৰ, ভূমি বিশেষজ্ঞ বেদাংগ বৰদলৈ আৰু পেট্ৰলিয়াম বিশেষজ্ঞ জি এছ দাং ।

কমিটীখনক ক্ষীপ্ৰতাৰে কাম কৰি এমাহৰ ভিতৰতে প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে উচ্চতম ন্যায়ালয়ে ।

কমিটীখনে ক্ষতিপূৰণ নিৰ্ধাৰণ কৰি দিব, যি ক্ষতিপূৰণ OIL এ বহন কৰিব লাগিব । ইয়াৰ উপৰিও কমিটীখনৰ আন ব্যয় সমূহো OIL এ প্ৰদান কৰিব লাগিব ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,019 other subscribers

Leave a comment

Leave a Reply