গুৱাহাটী : ৰাজ্যৰ ক’ভিড পৰিস্থিতি সন্দৰ্ভত জাৰি কৰা হৈছে নতুন নীতি-নিৰ্দেশনা। পূৰ্বৰ নীতি-নিৰ্দশনাৰ ব্যাপক সলনি ঘটাই অধিক কঠোৰ কৰা হৈছে নতুন নীতি-নিৰ্দেশনা। দিনৰ ১১ বজাত বন্ধ কৰিব লাগিব সকলো ব্যৱসায়িক প্ৰতিষ্ঠান। ১২ বজাৰ পৰা ৰাজ্যজুৰি সান্ধ্য আইন ঘোষণা।
সমগ্ৰ দেশৰ লগতে অসমতো ক্ৰমাৎ ভয়াবহ হৈ উঠিছে ক’ভিডৰ দ্বিতীয়টো ঢৌ। প্ৰতিদিনে ৰাজ্যৰ ব্যাপক হাৰত নতুন নতুন লোক ক’ভিডত আক্রান্ত হৈ থকাৰ লগতে মৃত্যুৰ মুখত পৰি আছে বহু লোক। ৰাজ্যৰ শেহতীয়া ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি পূৰ্বৰ নীতি-নিৰ্দেশনাৰ সলনি ঘটাই নতুন নীতি-নিৰ্দেশনা জাৰি কৰা হৈছে।
দেওবাৰৰ এই নতুন নীতি-নিৰ্দেশনা বলবৎ কৰা হ’ব। নতুন নীতি-নিৰ্দেশনা অনুসৰি পুৱা ৫ বজাৰ পৰা ১১ বজালৈ সকলো ব্যৱসায়িক প্ৰতিষ্ঠান খোলা থাকিব। ১১ বজাৰ লগে লগে ব্যৱসায়িক প্ৰতিষ্ঠান সমূহ বন্ধ কৰিব লাগিব। দুপৰীয়া ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হ’ব আৰু এই আইন অধিক কঠোৰ হ’ব।
আনহাতে পুৱা ৯ বজাতে ৱাইন শ্বপ খোলাৰ অনুমতি আবকাৰী বিভাগৰ। পূৰ্বতে ১১ বজাত খোলাৰ নিৰ্দেশ আছিল। কাইলৈৰ পৰা ১১ বজাতে বন্ধৰ নিৰ্দেশ দিয়াৰ বাবে আবকাৰী বিভাগে এই অনুমতি দিয়ে।
দুপৰীয়া ১২ বজাৰ পৰা পুৱা ৫ বজালৈ সান্ধ্য আইনৰ সময়ছোৱাত কোনো লোকে বাহিৰলৈ ওলাব নোৱাৰি। পুৱা ৫ বজাৰ পৰা ১২ বজালৈ যুগ্ম-অযুগ্ম পদ্ধতিৰে বাহন সমূহ চলাচল কৰিব পাৰিব। প্ৰতিখন জিলাতে যুগ্ম-অযুগ্ম পদ্ধতিৰে বাহন চলাচল কৰিব। যুগ্ম-অযুগ্ম পদ্ধতিৰে বাহন চলাচল নিৰ্ধাৰণ কৰিব জিলা উপায়ুক্তই।