অহা ১ অক্টোবৰৰ পৰা ৰাজ্যত আৰু অধিক শিথিল হ’ব ক’ভিড প্ৰ’টকল। কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ লগতে মানাহ, পবিতৰা আদি পৰ্যটন ক্ষেত্ৰ সমূহ অহা ১ অক্টোবৰৰ পৰা সম্পূৰ্ণ ৰূপে খোল খাব ।
সেই অনুসৰি পৰ্যটকৰ সুবিধাৰ বাবে অনুসৰি হোটেল, ল’জসমূহ খুলিব পাৰিব। কেৱল সকলোৱে ল’ব লাগিব কোভিড ভেকচিন।আজি বোকাখাতত অনুষ্ঠিত গড় দাহন কাৰ্যসূচীত অংশ লোৱাৰ পিছত ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই এই বিষয়ে মন্তব্য কৰে।
মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয়, কাজিৰঙাত কেৱল মাত্ৰ এটাই কোভিড প্ৰ’টকল থাকিব সেয়া হৈছে কোভিড ভেকচিন। কাজিৰঙাৰ দাঁতি কাষৰীয়া হোটেল, ল’জ সমূহত যিসকল পৰ্যটক আহিব তেওঁলোকে ভেকচিন লৈছেনে নাই সেই বিষয়ে হোটেল বা ল’জ কৰ্তৃপক্ষই সুধিব লাগিব আৰু কোনো পৰ্যটকে যদি ভেকচিন গ্ৰহণ নকৰে তেনে দাঁতি কাষৰীয়া হাস্পতালত কোভিড ভেকচিন গ্ৰহণৰ বাবে ব্যৱস্থা কৰি দিব লাগিব।
উল্লেখ্য যে কোভিডৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছে ৰাজ্যৰ পৰ্যটন উদ্যোগ। যাৰ বাবে পৰ্যটন উদ্যোগৰ সৈতে জড়িত লোকসকলৰ অৱস্থা অতি শোচনীয় হৈ পৰিছে। যোৱা সময়চোৱাত ৰাজ্য চৰকাৰক পৰ্যটন ক্ষেত্ৰখন মুকলি কৰি দিবলৈ দাবী উত্থাপন হৈ আছিল।
আনহাতে ১ অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ কৰাৰ বিষয়েও ৰাজ্য চৰকাৰে চিন্তা কৰিছে বুলি উল্লেখ কৰিছে। সকলো ঠিকেই থাকিলে ১ অক্টোবৰৰ পৰা নৱম আৰু একাদশ শ্ৰেণীৰ অফলাইন পাঠদান আৰম্ভ হ’ব বুলিও কয় ।
লগতে পঢ়ক- বোকাখাত গঁড়ৰ খৰ্গৰ লগতে ফুল ছটিওৱা অত্যাধুনিক ড্ৰোণ ভষ্মীভূত