গুৱাহাটীঃ ৰাজ্য চৰকাৰৰ নতুন SOP ঘোষণা
কাইলৈৰ পৰা বন্ধ থাকিব পঞ্চম শ্ৰেণীলৈকে বিদ্যালয়। লগতে গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বিদ্যালয় বন্ধ থাকিব।
অহা ১৫ জানুৱাৰীৰ পৰা চৰকাৰী কৰ্মচাৰীয়ে কোভিড ভেকচিনৰ দুটা ড’জ নল’লে কৰ্মস্থলীলৈ যাব নোৱাৰিব। উক্ত দিনৰ পৰা বেতন কৰ্তন হ’ব ।
সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাত বন্ধ কৰিব লাগিব । ডেলিভাৰী সময় নিশা ১০ বজালৈকে থাকিব ।
আন্ত:জিলা যাতায়ত বন্ধ নহয়। সান্ধ্য আইনৰ মাজতো নৈশ বাছ চলি থাকিব। যাত্ৰীৰ খাদ্যৰ বাবে টেক এৱেঁ চাৰ্ভিছৰ ব্যৱস্থা থাকিব ।
বাছ-গাড়ী আদিত ভেকচিন লোৱালোকহে উঠিব পাৰিব । ভেকচিন নোলোৱা লোক শ্বপিং মল, ৰেষ্টোৰা আদি কোনো ৰাজহুৱা স্থানত প্ৰৱেশ কৰিব নোৱাৰিব । কেৱল চিকিৎসালয়লেহে যাব পাৰিব।
মল বা অন্য ৰাজহুৱা স্থানত ভেকচিন নোলোৱা মানুহ পালে ২৫ হাজাৰ টকা জৰিমনা ভৰিব লাগিব আৰু মল বা ৰেষ্টোৰাৰ বিৰুদ্ধেও ব্যৱস্থা গ্ৰহণ কৰা হব ।
লগতে পঢ়ক- মহানগৰত নিচাযুক্ত টেবলেটসহ আটক পাঁচজন
ৰাজ্যত কাইলৈৰ পৰা পঞ্চম শ্ৰেণী পৰ্যন্ত অফলাইন পাঠদান বন্ধ ৷ গুৱাহাটীত অষ্টম শ্ৰেণীলৈকে বন্ধ থাকিব অফলাইন পাঠদান ৷
সকলো সময়তে লগত ৰাখিব লাগিব ভেকচিন গ্ৰহণৰ চাৰ্টিফিকেট। অথবা ৰাজহুৱা স্থানলৈ যাব নোৱাৰিব। ১৫ জানুৱাৰীৰ পিছৰ পৰা প্ৰযোজ্য হ’ব এই নিয়ম। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা।
এতিয়াৰে পৰা ৰাজহুৱা স্থানত মাস্ক পৰিধান নকৰিলে ভৰিব লাগিব ১০০০ টকাৰ জৰিমনা ৷
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা, এতিয়াৰে পৰা বিনামূলীয়া নহয় কোভিডৰ চিকিৎসা ৷
বিনামূল্যে নাপায় অ’মিক্ৰনৰ চিকিৎসা। খোৱা-বোৱাৰ খৰচ নিজেই বহন কৰিব লাগিব ৰোগীয়ে। জৰুৰী আৰু কেৱল দৰিদ্ৰ লোকেহে পাব বিনামূলীয়া চিকিৎসা সেৱা।
অহা ১০ জানুৱাৰীৰ পৰা আৰম্ভ হ’ব তৃতীয় পালি ভেকচিন। দ্বিতীয়পালী ভেকচিন লোৱাৰ ৩৯ মাহৰ পিছত তৃতীয়পালি ভেকচিন লব পাৰিব।
তৃতীয় পালি ভেকচিন ফ্ৰন্টলাইন লোকসকলে ১ফ্ৰেবুৱাৰীৰ আগতে লব লাগিব,নহলে দৰমহা নাপায়।
দ্বিতীয়পালি ভেকচিন এতিয়াও লোৱা নাই ৫৫ লাখ লোকে, এই লোকসকলৰ বাবে কঠোৰ হ’ব প্ৰশাসন।
চিনেমা হল, বাছ,ৰেষ্টুৰেন্ট আদিত আসন অনুযায়ী মানুহ যাব পাৰিব যদিও দুয়োটা ভেকচিন লোৱা লোকৰ বাবেহে অনুমতি থাকিব।
দুয়োটা ভেকচিন নোলোৱা ব্যক্তি ধৰা পৰিলে মালিক পক্ষই ভৰিব লাগিব ২৫ হাজাৰ টকাৰ জৰিমনা। নতুন SOP অহা ৩১ জানুৱাৰীলৈকে বলবৎ হ’ব।