কোভিদ পৰিস্থিতিৰ বাবে ৰাজ্যত সম্প্ৰতি বাহাল থকা বাধা-নিষেধ অহা ১৫ জুন পৰ্যন্ত একেদৰেই বাহাল থাকিব। পৰিস্থিতি পৰ্যালোচনা কৰি ১৫ জুনৰ পিছত একাংশ জিলাত বাধা-নিষেধ শিথিল কৰাৰ ইংগিত দিলে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই। ৰাজ্যত কোৰোনাৰ সংক্ৰমণৰ সংখ্যা ক্ৰমান্বয়ে হ্ৰাস পাইছে । স্বাস্থ্য বিভাগৰ এক সূত্ৰ অনুসৰি জানিব পৰা মতে, ১৪ জুনত আনল’কৰ এই নতুন নীতি-নিৰ্দেশনা জাৰি কৰিব।
কামৰূপ মেট্ৰ’, মাজুলী, চিৰাং, দক্ষিণ শালমাৰা, পশ্চিম কাৰ্বি আংলং এই ৫ জিলাত সান্ধ্য আইন শিথিল কৰাৰ সম্ভাৱনা আছে। পূৰ্বতে ৰাজ্যজুৰি ১২ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি দিয়া হৈছিল যদিও নতুন এছ অ’ পি মতে এই ৫ জিলাত আবেলি ৩ বজালৈকে দোকান-পোহাৰ খোলাৰ অনুমতি প্ৰদান কৰিব ৰাজ্য চৰকাৰে।
আজিৰ দিনটোত আক্ৰান্তৰ সংখ্যা হ্ৰাস পাইছে , দিনটোত আক্ৰান্তৰ সংখ্যা ২১৬৭ জন । কামৰূপ মেট্ৰ’ত আক্ৰান্ত হৈছে ২২৬ গৰাকী । আক্ৰান্তৰ হাৰ ২.১৬ শতাংশ। দিনটোত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৬ জন ।
লগতে পঢ়ক ক্ষমতা গ’ল যদিও দম্ভ এৰা নাই প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে