কলিয়াবৰ : স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই আজি কলিয়াবৰত এক সংবাদমেল সম্বোধন কৰি ৰাজ্যৰ বাবে নতুন ক’ভিড এছ অ’ পি ঘোষণা কৰে।
সংবাদমেলত মন্ত্ৰী গৰাকীয়ে অহা ২৬ ডিচেম্বৰৰ পৰা নতুন সিদ্ধান্ত বলবৎ হ’ব বুলি কয়। সেই অনুসৰি দেওবাৰৰ পৰা নিশা ১১.৩০ বজাৰ পৰা পুৱা ৬ বজালৈ সান্ধ্যআইন জাৰি কৰা হ’ব।
অৱশ্যে উক্ত কাৰ্ফিউ ৩১ ডিচেম্বৰত বাহাল নাথাকে বুলি তেওঁ লগতে জনায়। নতুন এছ অ’ পি অনুসৰি ব্যৱসায়ীসকলে নিশা ১০.৩০ বজাৰ ভিতৰত দোকান হোটেল-ধাবাসমূহ বন্ধ কৰিব লাগিব।
আনহাতে চিনেমা হ’লৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ খালী থকাৰ লগতে নিশা ১০.৩০ বজাত বন্ধ কৰিব লাগিব। সভা সমিতিৰ ক্ষেত্ৰত ৫০ শতাংশ আসনৰ লগতে দুয়োপালি ভেকচিন লোৱা মানুহেহে ভাগ ল’ব পাৰিব, দুয়োপালি ভেকচিন নোলোৱা ব্যক্তিক চৰকাৰৰ ফালৰ পৰা আহ্বান, অন্যথা কঠোৰ ব্যৱস্থা ল’বলৈ নিৰ্দেশ।
সংবাদমেলত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে এতিয়ালৈকে অসমত অমিক্ৰণ অহা নাই যদিও সকলোকে সাৱধানে থাকিবলৈ আহ্বান জনায়। দেওবাৰৰ পৰা মাস্ক নিপিন্ধা লোকক প্ৰশাসনে জৰিমনা বিহিব পাৰিব বুলিও তেওঁ কয়।
ৰাজ্যত এতিয়াও ৫০ লাখ ভেকচিন মজুত আছে বুলি জানিবলৈ দি তেওঁ কয় যে শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত আগতে দিয়া নিয়মাৱলী বাহাল থাকিব।
লগতে পঢ়ক : অমিক্ৰণ; মাস্কক লৈ দুঃ চিন্তাত পৰিছে চিকিৎসা বিশেষজ্ঞ