গুৱাহাটী : কামৰূপ মহানগৰ জিলাত নৱ-নিযুক্ত উপায়ুক্তৰ কাৰ্যভাৰ গ্ৰহণ। কামৰূপ মহানগৰ জিলাৰ উপায়ুক্ত হিচাপে স্থলাভিষিক্ত ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া পল্লৱ গোপাল ঝায়ে সোমবাৰে জিলাখনৰ উপায়ুক্তৰ দায়িত্বভাৰ গ্ৰহণ কৰে।
বিশ্বজিৎ পেগুক বদলি কৰা হৈছে ডিব্ৰুগড়লৈ। উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৰা কাৰ্যভাৰ গ্ৰহণ কৰিয়েই নৱ-নিযুক্ত উপায়ুক্তগৰাকীয়ে জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এখন আদৰণিমূলক সভাত অতিৰিক্ত উপায়ুক্ত, চক্ৰ বিষয়া, সহকাৰী আয়ুক্তকে ধৰি বিষয়াসকলৰ লগত চিনাকি হয় আৰু জিলাখনৰ উন্নয়নৰ স্বাৰ্থত কাৰ্যক্ষেত্ৰত সকলোৰে সহযোগিতা কামনা কৰে।
লগতে পঢ়ক : নাৰায়ণ চক্ৰৱৰ্তীৰ হত্যাকাৰী পত্নী মৌচুমী চক্ৰৱৰ্তী আৰু জ্যেষ্ঠ কন্যা
উল্লেখযোগ্য যে, কামৰূপ মহানগৰ জিলাত স্থলাভিষিক্ত হোৱাৰ আগতে পল্লৱ গোপাল ঝায়ে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল। আনহাতে, কামৰূপ মহানগৰ জিলাৰ পৰা ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া বিশ্বজিৎ পেগুক ডিব্ৰুগড় জিলাৰ উপায়ুক্ত হিচাপে বদলি কৰা হৈছে।