গুৱাহাটী : মহানগৰী গুৱাহাটীৰ আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালত সংযোজন হ’ল নতুন ডাইলেছিছ কেন্দ্ৰ। বৃহস্পতিবাৰে হাস্পতালখনত এই নতুন ডাইলেছিছ কেন্দ্ৰটো উদ্ধোধন কৰা হয়। নতুন ডাইলেছিছ কেন্দ্ৰটো উদ্ধোধন কৰে সমাজকর্মী কামাখ্যা প্ৰসাদ ভুত আৰু গীত দেৱী মৌৰে।

সৰ্বসাধাৰণ ৰাইজক উন্নতমানৰ চিকিৎসা সেৱা প্ৰদান কৰাৰ উদ্দেশ্যে বৃহস্পতিবাৰে আঠগাঁওস্থিত মাৰোৱাৰী হাস্পতালৰ নৱনিৰ্মিত ১০ খন বিচনাযুক্ত ডাইলেছিছ কেন্দ্ৰৰ উদ্ধোধন কৰা হয়। বিশিষ্ট সমাজকর্মী কামাখ্যা প্ৰসাদ ভুত আৰু গীত দেৱী মৌৰে নৱনিৰ্মিত ১০ খন বিচনাযুক্ত ডাইলেছিছ কেন্দ্ৰটোৰ উদ্ধোধন কৰে।

উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে চিকিৎসালয়খনৰ অধ্যক্ষ শৰৎ জৈন। উদ্ধোধনী অনুষ্ঠানত উপস্থিত সকলোকে চিকিৎসালয়খনৰ অধ্যক্ষ শৰৎ জৈনে স্বাগতম জনাই কয় যে মাৰোৱাৰী হাস্পতালত সংযোজন হোৱা এই নতুন ডাইলেছিছ কেন্দ্ৰটোৰ জৰিয়তে ৰাইজে পূৰ্বতকৈ অধিক স্বাস্থ্য সেৱা লাভ কৰিব। আৰ্থিকভাৱে দুৰ্বল শ্ৰেণীৰ ৰোগীয়ে অতি নিম্ন খৰচত এই সেৱা লাভ কৰিব বুলিও অধ্যক্ষ গৰাকীয়ে কয়।

লগতে পঢ়ক : চৰ চাপৰিৰ জনতাক ক’ভিড ভেকচিন প্ৰদানৰ কাৰ্যসূচী

অধ্যক্ষ গৰাকীয়ে লগতে হাস্পতালখনত এই ডাইলেছিছ কেন্দ্ৰটো সংযোজন কৰাৰ ক্ষেত্ৰত আৰ্থিকভাৱে সহযোগ আগবঢ়োৱা কামাখ্যা প্ৰসাদ ভুতক ধন্যবাদ জ্ঞাপন কৰে। সমাজকর্মী কামাখ্যা প্ৰসাদ ভুতে কয় যে মাৰোৱাৰী হাস্পতালৰ লগত জড়িত হোৱাটো অতিকৈ গৌৰৱৰ কথা। ক’ভিডসৃষ্ট পৰিৱেশৰ মাজত হাস্পতালখনে আগবঢ়োৱা সেৱাৰ তেওঁ শলাগ লয়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply