শিৱসাগৰ : ২০১৫ বৰ্ষৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া মেঘ নিধি দাহালে বুধবাৰে শিৱসাগৰ জিলাৰ উপায়ুক্ত হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে। দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ উপায়ুক্ত কাৰ্যালয়ৰ চুকাফা সভাকক্ষত আয়োজিত এখন সভাত জিলা প্ৰশাসনৰ বিষয়া- কর্মচাৰী সকলৰ সৈতে মত-বিনিময় কৰে। সভাত জিলা প্ৰশাসনৰ বিষয়া- কর্মচাৰীসকলে নৱনিযুক্ত উপায়ুক্ত গৰাকীক উষ্ম আদৰণি জনায়।

উল্লেখযোগ্য যে, নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে ইয়াৰ পূৰ্বে কোকৰাঝাৰ জিলাৰ উপায়ুক্ত হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল।সভাত নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে জনসাধাৰণৰ উন্নতিৰ হকে চৰকাৰে গ্ৰহণ কৰা প্ৰতিটো আঁচনিৰ ফলপ্ৰসূ ৰূপায়ণৰ বাবে উপস্থিত বিষয়া-কৰ্মচাৰী সকলক একান্ত নিষ্ঠা আৰু দায়িত্ব সহকাৰে তথা সু-সমন্বয় ৰক্ষা কৰি কাম কৰি যাবলৈ আহ্বান জনায়। ইয়াৰ পিছত নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে জিলা প্ৰশাসনৰ বিষয়া সকলৰ সৈতে আৰু এখন সভাত মিলিত হয়।

উপায়ুক্ত গৰাকীৰ কাৰ্যালয় কক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্ত গৰাকীয়ে জিলাখনত ৰূপায়ণ হৈ থকা বিভিন্ন আঁচনিৰ অগ্ৰগতিৰ বিষয়ে বিস্তৃতভাৱে বুজ লয়। তেওঁ মহত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰাম্য নিয়োগ নিশ্চিত আঁচনিৰ কাজকাজৰ লগতে, জল জীৱন মিছন, পি এম কিষান আঁচনি, অসম মালা আঁচনি আদিৰ বিষয়েও আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় চৰকাৰৰ ধ্বজাবাহী আঁচনি “জল জীৱন মিছন”ৰ সঠিক আৰু ক্ষীপ্ৰ ৰূপায়ণৰ ওপৰত গুৰুত্ব প্ৰদান কৰে।

তেওঁ লগতে উল্লেখ কৰে যে, অসম মালা আঁচনিৰ কাম-কাজ সমূহ মুখ্যমন্ত্ৰীৰ নিৰ্দেশমৰ্মে অহা ৩০ অক্টোবৰৰ ভিতৰত সম্পূৰ্ণ কৰিব লাগিব। উপায়ুক্ত গৰাকীয়ে জিলাখনৰ সাম্প্ৰতিক ক’ভিড পৰিস্থিতিৰ বিষয়ে বিতংভাৱে বুজ লোৱাৰ লগতে ক’ভিড -১৯ ৰোগ নিয়ন্ত্ৰণৰ বাবে সকলোকে যুদ্ধকালীন ক্ষীপ্ৰতাৰে কাম কৰি যাবলৈ আহ্বান জনায়।

লগতে পঢ়ক : তেজপুৰত ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ প্ৰতিবাদ

নিজ বক্তব্যত উপায়ুক্ত গৰাকীয়ে যিসমূহ বিদ্যালয়ত ছাত্ৰীসকলৰ বাবে শৌচালয় নাই, সেই সমূহত শৌচালয় নিৰ্মাণৰ লগতে জিলাখনত নতুনকৈ অঙ্গনৱাদি কেন্দ্ৰ স্থাপনৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। নৱনিযুক্ত উপায়ুক্ত গৰাকীয়ে জনসাধাৰণৰ ওজৰ-আপত্তি নিষ্পত্তি কৰাৰ লক্ষ্যৰে শীঘ্ৰে এটি হোৱাটছ্ এপ নম্বৰ মুকলি কৰাৰ কথা ঘোষণা কৰে য’ত জিলাবাসী ৰাইজে নিজৰ অঞ্চলৰ অভাৱ-অভিযোগৰ বিষয়ে ফটোসহ বিৱৰণ প্ৰেৰণ কৰিব পাৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,218 other subscribers

Leave a comment

Leave a Reply