গুৱাহাটী : থলুৱা প্রযুক্তিৰে নিৰ্মাণ কৰা পাৱাৰ টিলাৰ আৰু ই-ৰিক্সাসমূহৰ বাবে স্থানীয় জনসাধাৰণৰ পৰা অভাৱনীয় সঁহাৰি লাভ কৰাৰ পাছত অসমৰ অগ্রণী অট’মােবাইল কোম্পানী কুমাৰ ইঞ্জিনিয়াৰীঙে ই-ৰিক্সাৰ বাবে চোৱাচিতা বিহীন বেটেৰী মুকলি কৰিছে। অসমৰ ইতিহাসত পােন প্ৰথমবাৰৰ বাবে এটা কোম্পানীয়ে ই-ৰিক্সা বেটেৰী নিৰ্মাণ কৰি বজাৰত মুকলি কৰিছে।
প্রধানমন্ত্ৰীৰ ‘মেক ইন্ ইণ্ডিয়া’ অভিযানৰ প্রতি লক্ষ্য ৰাখি এই স্থানীয় কোম্পানীটোৱে থলুৱা প্ৰযুক্তিৰ সৈতে ইতিমধ্যে পাৱাৰ টিলাৰ আৰু ই-ৰিক্সা নির্মাণ কৰিছে। এই নতুনকৈ প্রস্তুত কৰা বেটেৰীটোৱে এবাৰ ছাৰ্জ দিলে ১২৫ কিলােমিটাৰ মাইলেজ প্ৰদান কৰিব আৰু ইয়াৰ মডেল নম্বৰ হৈছে এম এফ এন-৮৮৮ বি১০০ এল।
এই বেটেৰীটো আই চি এ টিৰ দ্বাৰা প্রমাণিকৃত কৰা হৈছে আৰু অসমৰ বিভিন্ন অঞ্চলত ইয়াক ইতিমধ্যে ব্যৱহাৰিক দিশত পৰীক্ষণ কৰা হৈছে। ই-ৰিক্সাৰ বাবে এই বেটেৰীটোৰ মুকলিৰ উপলক্ষত মন্তব্য কৰি কুমাৰ ইঞ্জিনীয়াৰিঙৰ অধ্যক্ষ কুমাৰ গৌৰৱে মন্তব্য কৰে যে এই বেটেৰীটোৰ মুকলিৰ সৈতে ই-ৰিক্সাৰ এটা নতুন মডেলাে ইতিমধ্যে মুকলি কৰা হৈছে।
লগতে পঢ়ক : জামুগুৰিহাটত পথ দুৰ্ঘটনা! আহত তিনিজন
তেওঁ উল্লেখ কৰে যে এই চোৱাচিতা বিহীন ই-ৰিক্সাৰ বেটেৰীটো ব্যৱহাৰ কৰি ব্যৱহাৰকাৰীসকলে তেওঁলােকৰ উপার্জন দুগুণ কৰিব পাৰে। তেওঁ আৰু কয়, “অসমৰ কৃষক আৰু নিবনুৱা যুৱক-যুৱতীসকলৰ প্রতি লক্ষ্য ৰাখি আমি আমাৰ প্রডাক্টসমূহ উন্নীতকৰণ কৰিছাে যাতে এই সামগ্ৰীসমূহৰ পৰা তেওঁলোেক উপকৃত হয় আৰু কোনাে ধৰণৰ জটিলতা নােহােৱাকৈ তেওঁলােকৰ জীৱন নির্বাহ কৰিব পাৰে আৰু একে সময়তে তেওঁলােকে ৰাষ্ট্ৰৰ বিকাশৰ দিশতাে নিজৰ অৰিহণা যােগাব পাৰে।” বেটেৰীটোৰ মূল্য হৈছে ৩৫,৮৮৮ টকা (প্রতিটো ছেট বেটেৰীত ৪টা বেটেৰী উপলব্ধি হ’ব)।