গুৱাহাটী : নতুন শিক্ষানীতিৰ নিৰ্দেশনা প্ৰকাশ কৰিলে ৰাজ্য চৰকাৰে। অহা বছৰৰ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া নতুন শিক্ষাবৰ্ষত ৰাজ্যৰ শিক্ষানুষ্ঠান সমূহত নতুন শিক্ষানীতি অনুসৰি পাঠদান হ’ব। ২০২০ চনৰ ৰাষ্ট্ৰীয় শিক্ষানীতি অনুসৰি অসম চৰকাৰৰ শিক্ষা বিভাগৰ প্ৰধান সচিবে অসমৰ স্কুলীয়া শিক্ষা ব্যৱস্থা পুনৰ গঠন কৰিছে।
ৰাজ্য চৰকাৰৰ নতুন শিক্ষানীতিৰ নিৰ্দেশনা অনুসৰি ৰাজ্যত স্কুলীয়া শিক্ষা 10+2 ব্যৱস্থাৰ পৰিৱৰ্তে 5+3+3+4 ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে। এই শিক্ষানীতি অনুসৰি প্ৰথম তিনিবছৰ বুনিয়াদী শিক্ষা ৰূপে পৰিচিত হ’ব। বুনিয়াদী শিক্ষাত প্ৰাক প্ৰাথমিক আৰু প্ৰথম, দ্বিতীয় শ্ৰেণী থাকিব। দ্বিতীয় পৰ্যায়ত প্ৰস্তুতি শিক্ষা নামেৰে পৰিচিত হ’ব। প্ৰস্তুতি পৰ্যায়ত ৩য়, ৪ৰ্থ আৰু পঞ্চম শ্ৰেণী থাকিব। এই দুয়োটা ব্যৱস্থা প্ৰাথমিক শিক্ষাৰ অধীনত থাকিব।
ইফালে তৃতীয় পৰ্যায়ত মাধ্যমিক শিক্ষা ৰূপ পৰিচিত হ’ব। মাধ্যমিক শিক্ষাত ষষ্ঠ, সপ্তম আৰু অষ্টম শ্ৰেণী অন্তৰ্ভূক্ত হ’ব। ৪ৰ্থ পৰ্যায় উচ্চ মাধ্যমিক ৰূপে পৰিচিত হ’ব আৰু মাধ্যমিক তথা উচ্চ মাধ্যমিক পৰ্যায় দুটা স্কুল শিক্ষা সঞ্চালকায়লৰ অন্তৰ্গত হ’ব। উচ্চ মাধ্যমিক পৰ্যায়ত নৱম, দশম, একাদশ, দ্বাদশ শ্ৰেণী অন্তৰ্ভুক্ত হ’ব। অংগনৱাড়ী কেন্দ্ৰসমূহ স্কুলৰ সৈতে বুনিয়াদী পৰ্যায়ত সংযোগ কৰাৰ বিষয়ে এখন কমিটী গঠন কৰিব।
লগতে পঢ়ক : উত্তৰ-পূব পেট্ৰ’লিয়াম পৰিবহণ সংস্থাৰ তিনিদিনীয়া ধৰ্মঘট ঘোষণা
আনহাতে নতুন শিক্ষানীতিৰ ব্যৱস্থা প্ৰশাসনিকভাৱে ২০২২ চনৰ ১ জানুৱাৰীৰ পৰা আৰু পাঠ্যক্ৰম বৰ্ষ হিচাপে ২০২২-২৩ শিক্ষাবৰ্ষ অৰ্থাৎ ১ এপ্ৰিলৰ পৰা আৰম্ভ হ’বলগীয়া শিক্ষাবৰ্ষৰ পৰা আৰম্ভ হ’ব।