বৰ্তমানৰ বি এড ডিগ্ৰীৰ গুৰুত্ব নাইকীয়া কৰিব নতুন শিক্ষানীতিয়ে । নতুন শিক্ষা নীতি অনুসৰি ২০৩০ চনৰ ভিতৰত চাৰি বছৰী্যা বি এড ডিগ্ৰী হ’ব শিক্ষকতাৰ ন্যূনতম অৰ্হতা। সোনকালেই ৰাজ্যৰ মহাবিদ্যালয় সমূহত বি.এ. এই এড, বি এছ চি বি এড, বি কম বি এড সংহত পাঠ্যক্ৰম আৰম্ভ হ’ব আৰু ক্ৰমে সংহত বি এড ডিগ্ৰীহে ৰাজ্যত প্ৰযোজ্য হ’ব বুলি বিধানসভাত শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে ঘোষণা কৰিছে।
সেয়েহে অহা দুবছৰৰ পাছত বৰ্তমানৰ বি এড আৰু ডি এল এড ডিগ্ৰীও নাথাকিব। তাৰ সলনি যে ৪ বছৰীয়া সংহত বি এড ডিগ্ৰী গ্ৰহণ কৰা সকলেহে শিক্ষকৰূপে নিযুক্তি লাভ কৰিবলৈ সমৰ্থ হ’ব বুলি শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে উল্লেখ কৰে।