নাৰায়ণপুৰ : নব নিযুক্ত শিক্ষামন্ত্ৰীয়ে সাম্প্ৰতিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগক পেপাৰলেছ কৰাৰ পৰিকল্পনা কৰাৰ কথা প্ৰকাশ কৰিছে। ইয়াৰ উপৰিও ই-টিচিং আৰু ই-লাৰ্নিং ব্যৱস্থা প্রৱৰ্তনৰ পৰিকল্পনা কৰাৰ কথা উল্লেখ কৰে শিক্ষা মন্ত্ৰীয়ে।
মালিগাঁৱত পৰিত্যক্ত অৱস্থাত পৰি থকা স্কুটীসমূহ বিতৰণৰ ব্যৱস্থা কৰিব বুলিও উল্লেখ কৰে শিক্ষামন্ত্ৰী গৰাকীয়ে। আগন্তুক দহ দিনৰ ভিতৰত বিতৰণ কৰা হ’ব স্কুটীসমূহ। ক’ভিড পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি মেট্ৰিক পৰীক্ষাৰ বিষয়ে আগন্তক দিনত সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলিও মন্তব্য কৰে শিক্ষমন্ত্ৰী গৰাকীয়ে।
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষা অনুষ্ঠিত কৰাৰ সন্দৰ্ভতো সিদ্ধান্ত লোৱা হব বুলি জানিবলৈ দিয়ে শিক্ষামন্ত্ৰী গৰাকীয়ে। নাৰায়ণপুৰৰ মাধৱদেৱ বিশ্ববিদ্যালয় ভ্ৰমণ কৰি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে এই মন্তব্য আগবঢ়াই।