বিদ্যুৎ

ৰাজ্যৰ চাৰিওফালে মূল্য বৃদ্ধিৰ প্ৰৱল চাপে সাধাৰণ জনসাধাৰণক মূৰে কপালে হাত দিয়াত বাধ্য কৰা সময়ত চৰকাৰৰ পুনৰ মূল্য বৃদ্ধিক লৈ কৰা ঘোষণাই জনসাধাৰণৰ চিন্তাৰ কাৰণ হৈ পৰিছে।

ৰাজ্য চৰকাৰৰ সিদ্ধান্ত অনুসৰি ১ এপ্ৰিলৰ পৰা ৰাজ্যত বৃদ্ধি পাব বিদ্যুৎৰ মাচুল । প্ৰতি ইউনিটত ৫৯ পইচা কৈ বৃদ্ধি পাব বিদ্যুতৰ মূল্য।

বিদ্যুৎ বিভাগত চলি থকা লোকচানৰ জোৰা-টাপলি মাৰিবলৈ মাচুল বৃদ্ধিত অনুমতি দিছে ৰাজ্য চৰকাৰে। মাচুল বৃদ্ধিত অনুমতি বিদ্যুৎ মাচুল নিয়ামক আয়োগেও। ৰাজহ ঘাটি পূৰণ কৰিবলৈ সৰ্বসাধাৰণক মাধমাৰ সোধাই বৃদ্ধি কৰিব বিদ্যুতৰ মাচুল।

ক’ভিডৰ বাবে যোৱা দুটা বছৰত লোকচানৰ সন্মুখীন হৈছিল ৭৮০ কোটি টকাৰ। ১৯১ কোটি টকাৰ ৰাজহ লোকচান বিদ্যুৎ বিভাগৰ। তদুপৰি ২০১৯-২০ত বন্ধ আছিল কপিলী, কাৰ্বি লাংপি প্ৰকল্প।

দুয়োটা প্ৰকল্প বন্ধ থকাত অধিক দামত ক্ৰয় কৰিব লগা হৈছিল বিদ্যুৎ। ৫৪৬ কোটি টকাৰ ৰাজহ সংগ্ৰহৰ লক্ষ্যৰে মাচুল বৃদ্ধিৰ সিদ্বান্ত লৈছে। এই কথা সদৰি কৰিছেতবৈদ্যুতিক নিয়ামক আয়োগৰ অধ্যক্ষ সঞ্জয় কৃষ্ণই ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply