নতুন উগ্ৰপন্থী সংগঠন

বড়োভূমিত নতুন সশস্ত্ৰ উগ্ৰপন্থী সংগঠন গঠনৰ ঘোষণা ।
নতুন সশস্ত্ৰ সংগঠনটোৰ নাম ইউনাইটেড লিবাৰেশ্যন ফৰ বড়োলেণ্ড ।
স্বাধীন বড়োলেণ্ডৰ দাবীৰে ULB গঠনৰ দাবী ।
সংবাদ মাধ্যমলৈ ভিডিঅ’ আৰু বিজ্ঞপ্তি পঠিয়াই সংগঠন গঠনৰ ঘোষণা ।

ঐতিহাসিক বড়ো শান্তি চুক্তিৰ পিছতো বড়োভূমিত নতুন উগ্ৰপন্থী সংগঠন ।

পৃথক বড়োভূমিৰ দাবীত ULB গঠনৰ ঘোষণা ।
পৃথক বড়োলেন্ডৰ দাবী কৰি সংবাদ মাধ্যমলৈ ভিডিঅ প্ৰেৰন ।

বড়োলেণ্ডত নতুন উগ্ৰপন্থী সংগঠন। সংগঠনটোৰ এজন কেডাৰক এনকাউন্টাৰ কৰিলে ২০ জন চৰকাৰী লোকক গুলীওৱাৰ ভাবুকি সংগঠনটোৰ। সমগ্ৰ ৰাজ্যত ভয়ংকৰ বিস্ফোৰণৰ হুংকাৰ।

লগতে পঢ়ক “সেৱা আৰু সমৰ্পণ অভিযান” উদযাপন

বড়োসকলে পৃথক গৃহ ৰাজ্যৰ বাবে পূৰ্বৰ পৰাই আন্দোলন কৰি আহিছে, য’ত তেওঁলোকে শান্তিৰে মুকলিভাৱে বসবাস কৰিব । সংবাদ মাধ্যমযোগে প্ৰচাৰ কৰা ভিডিঅ’ত কোৱা হৈছে যে, বড়োসকলেও অন্যান্য জাতি-জনগোষ্ঠীৰ দৰেই সন্মান সহকাৰে শান্তিৰে জীয়াই থাকিব বিচাৰে । কঠোৰভাৱে ভাৰত চৰকাৰ আৰু অসম চৰকাৰৰ ওচৰত পৃথক ৰাজ্য বড়োলেণ্ড গঠনৰ বাবে দাবী জনায় নৱ গঠিত সংগঠনটোৱে ।

১৫ছেপ্তেম্বৰত এই সশস্ত্ৰ সংগঠনটোৰ জন্ম হোৱা বুলি বিবৃতিত উল্লেখ কৰা হৈছে ৷ অন্তিম সময়লৈকে অধিকাৰৰ বাবে যুঁজ দি যাব ইউ এল বিয়ে ৷ সংগঠনটোৰ দাবী অনুসৰি ‘আমি বড়োলেণ্ড বিচাৰো’, ‘এই ভূমি আমাৰ ভূমি’, ‘ইউএলবি দীৰ্ঘজীৱি হওক’, ‘বড়ো জাতিৰ জয় হওক’ আদি দাবীসমূহ বিবৃতিখনত উল্লেখ আছে । অৱশ্যে সংগঠনটোত কোন কোন জড়িত হৈ আছে বা ইয়াৰ নেতৃত্বত কোন আছে, সেয়া বিবৃতিত উল্লেখ কৰা হোৱা নাই ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,000 other subscribers

Leave a comment

Leave a Reply