কেন্দ্ৰীয় চৰকাৰখনে অসমত ১০ খনকৈ নতুন বৃহৎ উৰণীয়া সেঁতু নিৰ্মাণৰ বাবে অনুমোদন জনাইছে। ইয়াৰ বাবে সৰ্বমুঠ ৭৩৮ কোটি টকাৰ আৱন্টনৰ ক্ষেত্ৰত অনুমোদন জনাইছে।

ৰাজ্যৰ বিভিন্ন ঠাইত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত উৰণীয়া সেঁতু নিৰ্মাণ হ’বলগীয়া ঠাই সমূহ হৈছে-
কঠিয়াতলি,বৰঘাট, ডিমৌ,ৰহা, বাইহাটা চাৰিআলি,শিমলাগুড়ি, বঙাইগাঁও শোধানাগৰ, চাপাগুৰি, পাঠশালা আৰু জাগীৰোড।

ৰাষ্ট্ৰীয় ঘাইপথত নিৰ্মাণ হ’বলগীয়া এই উৰণীয়া সেঁতুৰ নিৰ্মাণে আগন্তুক দিনত জিলা তথা অসমবাসীৰ যাতায়তৰ ক্ষেত্ৰত সুবিধা প্ৰদান কৰাৰ লগতে যান-জঁটৰ সমস্যা বহু পৰিমাণে লাঘৱ কৰিবলৈ সক্ষম হ’ব বুলি আশা কৰা হৈছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply