গুৱাহাটী মহানগৰীৰ দিছপুৰ সচিবালয়ৰ ওচৰত নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ আজি শুভ উদ্ধোধন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এই নৱ নিৰ্মিত উৰণীয়া সেঁতুখনৰ শুভ উন্মোচন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা যান যঁটৰ সমস্যা সমাধানৰ ক্ষেত্ৰত যথেষ্ট সহায়ক হ’ব বুলি আশা প্ৰকাশ কৰে।
বিভিন্ন জনগোষ্ঠীৰ কলা, সংস্কৃতিৰ এটি মহামিলন দেখিবলৈ পোৱা গৈছে নৱ নিৰ্মিত উৰণীয়া সেঁতুৰ দুয়োফালে থকা দেৱাল সমুহত । প্ৰতিভাশালী চিত্ৰ শিল্পীসকলে বিভিন্ন কৃষ্টি সংস্কৃতিৰে উৰণীয়া সেঁতুখন চালে চকুত লগা কৰি তুলিছে ।এই উৰণীয়া সেঁতু খন মুকলি হোৱাত সচিবালয়ৰ ওচৰত সদায় সন্মুখীন হৈ থকা যান বাহনৰ যান্ত্ৰিকতাৰ পৰাওঁ সকাহ পোৱা যাব বুলি আশা কৰিছে মহানগৰবাসীয়ে ।
২০১৯-২০ বৰ্ষৰ এছ অ’ পি ডিৰ অধীনত গুৱাহাটীৰ জি এছ ৰোডৰ ছুপাৰ মাৰ্কেটত নির্মিত হৈছে ২ লেনযুক্ত উৰণীয়া সেঁতুখনৰ । এই উৰণীয়া সেঁতুখন নিৰ্মাণত ব্যয় হৈছে ১২০.২০ কোটি টকা।
উৰণীয়া সেঁতুখনৰ মুঠ দৈৰ্ঘ ১২০৫.০০ মিটাৰ।

উৰণীয়া সেঁতুখনৰ নিৰ্মাণৰ কাম শুভাৰম্ভ কৰা হৈছিল ২০১৯ চনৰ ৮ ডিচেম্বৰত।
উৰণীয়া সেতুখন মুকলিৰ পাছত ছুপাৰমাৰ্কেট, লাষ্টগেট আৰু গণেশগুৰি সংযোগী পথত ৮০ শতাংশ যানযট হ্ৰাস পাব। গুৱাহাটীত অসমীয়া ঠিকাদাৰে নিৰ্মাণ কৰা এইখনেই প্ৰথম উৰণীয়া সেঁতু। এই ঠিকা লাভ কৰিছিল অনিল দাস নামৰ ঠিকাদাৰ গৰাকীয়ে। গণেশগুৰিৰ পৰা খানাপাৰালৈ এই উৰণীয়া সেঁতুৰে যাব পাৰিব।
গণেশগুৰিৰ পৰা লাষ্টগেটলৈ যাব পাৰিব উৰণীয়া সেঁতুৰ ওপৰেৰে। খানাপাৰাৰ পৰা গণেশগুৰিলৈ আৰু খানাপাৰাৰ পৰা লাষ্টগেটলৈ উৰণীয়া সেঁতুৰ তলেৰে আহিব লাগিব।
উৰণীয়া সেঁতুখন নিৰ্মাণৰ বাবে ৩৬ মাহৰ সময় ধাৰ্য কৰা হৈছিল যদিও ২২ মাহতে এই প্ৰকল্প সম্পূৰ্ণ কৰা হয়।