গুৱাহাটী: প্ৰতিভা বিকাশ আৰু চিনাক্তকৰণৰ বাবে গুৱাহাটী চিটী এফচি চমুকৈ জিচিএফচিয়ে গুৱাহাটী ইউনাইটেড এফচিৰ সহযোগত মহানগৰীত আৰম্ভ কৰিছে আন এক গ্ৰাছ ৰুটছ ফুটবল প্ৰশিক্ষণ কেন্দ্ৰ ৷ ছয় মাইলৰ কৃষি ভৱন চৌহদৰ খেলপথাৰত আৰম্ভ হোৱা এই প্ৰশিক্ষণ কেন্দ্ৰ আজি আনুষ্ঠানিকভাৱে মুকলি কৰা হয় ৷ 

৬ বছৰৰ ঊৰ্দ্ধৰ শিশুৰ বাবে মুকলি এই ফুটবল প্ৰশিক্ষণ কেন্দ্ৰৰ উদ্দেশ্য হ’ব শিশুসকলক অভিজ্ঞ প্ৰশিক্ষকৰ অধীনত এক ফলাফল কেন্দ্ৰিক পাঠ্যক্ৰমৰ জৰিয়তে ভৱিষ্যতৰ পেছাদাৰী ফুটবলাৰ হিচাপে গঢ় দিয়াত সহায় কৰা ৷ 

লগতে প্ৰতিভাসম্পন্ন খেলুৱৈসকলে ভৱিষ্যতে গুৱাহাটী চিটী এফচিক বেবী লীগ, জিলা, ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় য়ুথ লীগৰ লগতে সময়ত ছিনিয়ৰ ডিভিজনতো প্ৰতিনিধিত্ব কৰাৰ সুযোগ পাব ৷ আজি এই উপলক্ষ্যে অনুষ্ঠিত এক উদ্বোধনী অনুষ্ঠানত কেন্দ্ৰটো আনুষ্ঠানিকভাৱে মুকলি কৰে গুৱাহাটী ক্ৰীড়া সন্থাৰ সভাপতি পুলক গোস্বামীয়ে ৷

তেওঁ জিচিএফচি আৰু জিইউএফচিৰ এই প্ৰয়াসক প্ৰশংসা কৰে আৰু কেন্দ্ৰটোৰপৰা ৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ ওলাব বুলি আশা প্ৰকাশ কৰে ৷ 

অনুষ্ঠানত প্ৰাক্তন ৰাষ্ট্ৰীয় ফুটবলাৰ বাহাৰুল ইছলাম, জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা আৰু জিইউএফচিৰ উপদেষ্টা ধ্ৰুৱ হাজৰিকা উপস্থিত থাকে ৷ লগতে অংশ লয় জিচিএফচিৰ সঞ্চালকদ্বয় সিদ্ধাৰ্থ শংকৰ ডেকা আৰু ডেৰিক ৰঞ্জন ডেকা, জিইউএফচিৰ কৰ্মকৰ্তা প্ৰশান্ত হাজৰিকা, জয়ন্ত ফুকন, পবিত্ৰ কুমাৰ দাস, বুলবুল চেতিয়া, সুৰজিত সিং আদিয়ে ৷ প্ৰশিক্ষণ কেন্দ্ৰটোত নামভৰ্তিৰ বাবে ৭০০২৫৭০৮৭০ বা ৮৪৭৩৮৯৫০১৮ নম্বৰত যোগাযোগ কৰিবলৈ কোৱা হৈছে ৷

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,988 other subscribers

Leave a comment

Leave a Reply