গুৱাহাটীঃ ২৬ জানুৱাৰী উদযাপনক লৈ ৰাজ্য চৰকাৰে নতুন SOP জাৰি কৰিছে। এইবাৰ গণৰাজ্য দিৱসৰ অনুষ্ঠানত কোনো ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰিব নোৱাৰিব।
আনকি গণৰাজ্য দিৱসত কোনো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান এইবাৰ অনুষ্ঠিত কৰিব নোৱাৰিব।
গণৰাজ্য দিৱসত কোনো বঁটা প্ৰদান অনুষ্ঠান নহ’ব।
লগতে পঢ়কঃকামৰূপ জিলাত গণৰাজ্য দিৱস অনুষ্টুপীয়াকৈ উদযাপনৰ সিদ্ধান্ত
ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ১০০০ জন, জিলা পৰ্যায়ৰ অনুষ্ঠানত ৫০০ জন আৰু মহকুমা পৰ্যায়ৰ অনুষ্ঠানত মাত্ৰ ২০০ জনহে উপস্থিত থকাৰ অনুমতি প্ৰদান কৰা হৈছে।
কোভিডৰ বৰ্দ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে এই সিদ্ধান্ত গ্ৰহণ কৰিছে।