১৪ মাৰ্চৰ পৰা আৰম্ভ হ’ব অসম বিধানসভাৰ বাজেট অধিৱেশন। ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ’ব এই অধিৱেশন। ১৬ মাৰ্চত বিত্তমন্ত্ৰী অজন্তা নেওগে দাখিল কৰিব বাজেট।২০২২-২৩ বৰ্ষৰ বাবে বাজেট দাখিল কৰিব বিত্তমন্ত্ৰীয়ে। ১ এপ্ৰিল পৰ্যন্ত অনুষ্ঠিত হ’ব এই অধিৱেশন।
এতিয়াৰে পৰা বিধান সভালৈ অহাযোৱা কৰিবলৈ বিধান সভা সদস্যসকলৰ বাবে যোগান ধৰা ইলেক্ট্ৰনিক গাড়ী সমূহ উন্মোচন কৰি অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে কয়, অসম বিধানসভা চৌহদ পৰিপাতি কৰি ৰখাৰ লগতে প্ৰদুষণ মুক্ত কৰি ৰখাৰ বাবেই এই বাগী, স্বয়ংক্ৰিয় ভেকুৱাম বাহন বোৰ বিধানসভালৈ অনা হৈছে।
এতিয়াৰে পৰা বিধানসভালৈ বিধায়কসকলে আহিব লগা স্বয়ংক্ৰিয় বাহন সমূহৰ বাবে পাঁচ গৰাকীকৈ মহিলা চালকক বিধানসভাৰ ফালৰ পৰা নিযুক্তি দিয়া হৈছে।