গুৱাহাটীঃ অসম ৰাজ্যিক চিৰিয়াখানালৈ আহিল নতুন অতিথি। চিৰিয়াখানাত এজনী ঢেকীয়াপতিয়া বাঘে জন্ম দিলে দুটাকৈ পোৱালি। চিৰিয়াখানাৰ কাজী নামৰ বাঘজনীয়ে জন্ম দিলে দুটাকৈ পোৱালি।
বৰ্তমান সুস্থ অৱস্থাত আছে মাতৃ আৰু দুই বাঘৰ পোৱালি। এই দুই পোৱালি জন্ম দিয়াৰ লগে লগে সৰ্বমুঠ ৯ টা বাঘলৈ বৃদ্ধি পালে বাঘৰ সংখ্যা। বাঘৰ পোৱালি দুটাৰ নাম বর্তমানলৈকে ঠিক কৰা হোৱা নাই। বন বিভাগৰ ফালৰ পৰা বনমন্ত্ৰী পৰিমল শুক্লবৈদ্যক বাঘৰ পোৱালি দুটাৰ নাম ৰাখিবলৈ আহ্বান জনোৱা হৈছে।
লগতে পঢ়কঃকমাৰগাঁৱত শিলাবৃষ্টিৰ ফলত দুশৰ অধিক বাসগৃহৰ ক্ষতিসাধন
যোৱা দুদিন মহানগৰীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱা সময়ত বাঘৰ পোৱালি দুটাক শীতৰ পৰা ৰক্ষা কৰাৰ বাবে চিৰিয়াখানাৰ কৰ্তৃপক্ষই বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছিল। অসম ৰাজ্যিক চিৰিয়াখানাত দুটা বগা বাঘো আছে ।