গুৱাহাটী : কামৰূপ মহানগৰ জিলাৰ ক’ভিড সম্পৰ্কীয় বিভিন্ন বিষয় পর্যালােচনাৰ বাবে শুকুৰবাৰে কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিব অনুৰাগ গােৱেল, ৰাষ্ট্রীয় স্বাস্থ্য অভিযান, অসমৰ মিছন সঞ্চালক ডঃ লক্ষমনন এচৰ উপস্থিতিত এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়। জিলা উপায়ুক্ত বিশ্বজিৎ পেগু, গুৱাহাটী পৌৰনিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ বিশেষ কৰ্তব্যৰত বিষয়া পমী বৰুৱাৰ উপৰি প্ৰশাসনৰ আন আন বিষয়া তথা জিলাখনৰ ভালেসংখ্যক স্বাস্থ্যকর্মী উপস্থিত থকা এই সভাত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ প্রধান সচিবগৰাকীয়ে জিলাখনত ক’ভিড নিয়ন্ত্ৰণৰ বাবে গ্ৰহণ কৰা বিভিন্ন কাম-কাজৰ পর্যালােচনা কৰাৰ উপৰি হ’ম আইচ’লেশ্বন’ৰ বিষয়টোত বিশেষভাৱে গুৰুত্ব দিবলৈ নির্দেশ দিয়ে।

বিগত সময়খিনিত ক’ভিডত আক্ৰান্ত হৈ মৃত্যুবৰণ কৰা লােকসকলৰ ভিতৰত পঞ্চাছ বছৰৰ উৰ্ধৰ সংখ্যা অধিক হােৱাৰ প্রতি লক্ষ্য ৰাখি পঞ্চাশ উধ্বৰ আক্রান্তসকলক চিকিৎসালয়ত ভর্তি কৰােৱাতাে বাধ্যতামূলক কৰা বিষয়টোতে গুৰুত্ব দিবলৈ তেওঁ প্রশাসনক অনুৰােধ জনায়। ক’ভিড আক্রান্তক উন্নত চিকিৎসা প্রদানৰ উপৰি প্রতিষেধক প্রদানৰ বিষয়টোকো চৰকাৰে গুৰুত্বসহকাৰে লৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে, গাঁৱৰ ভিতৰত ক’ভিডে যাতে সংহাৰী ৰূপ ধাৰণ কৰিব নােৱাৰে তাৰবাবে গাওঁ পর্যায়ত গাওঁবুঢ়াক লৈ একোখনকৈ সমিতি গঠন কৰা হ’ব আৰু ‘হম আইচ’লেশ্বন’ৰ বিধি ভঙ্গ কৰিলে এই সমিতিখনে সংশ্লিষ্ট কর্তৃপক্ষৰ দৃষ্টিগােচৰ কৰিব।

আৰু পঢ়কঃ কিয় চলিছিল বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ ওপৰত গুলীচালনা? দিছৈত উত্তেজনা অব্যাহত

উল্লেখযােগ্য যে ক’ভিড আক্রান্তই ‘হম আইচ’লেশ্বন’ বিধি কঠোৰভাৱে মানি চলিছে নে নাই সেয়া মাজে মাজে তদাৰক কৰিবলৈ স্বাস্থ্যকর্মীৰ লগতে আৰক্ষীকো নিয়ােগ কৰা হ’ব। উল্লেখ্য যে কামৰূপ মহানগৰ জিলাৰ সকলো জনৰ ভিতৰত সোণাপুৰ খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ অধীনত ক’ভিড সংক্ৰমণৰ হাৰ সৰ্বাধিক পোৱা গৈছে। সোণাপুৰত সংক্ৰমণৰ হাৰ ৭.৪৯ শতাংশ।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,047 other subscribers

Leave a comment

Leave a Reply