গুৱাহাটী : হোটেল-ৰেষ্টুৰেন্ট ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি। সন্ধিয়া ৬ বজাৰ পিছত বহি হোটেল-ৰেষ্টুৰেন্টত খাব নোৱিব খাদ্য। অৱশ্যে অব্যাহত থাকিব হোম ডেলিভাৰী সেৱা। সন্ধিয়া ৬ বজাৰ পিছত অব্যাহত থাকিব ই-কমাৰ্চ সেৱা।
দেশৰ লগতে অসমতো কভিড মহামাৰীয়ে ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিছে। অসমত প্ৰতিদিনে নতুন নতুন লোকৰ শৰীৰত ধৰা পৰিছে কভিডৰ অৱস্থিতি। ৰাজ্যত কভিড পৰিস্থিতিৰ যাতে অধিক অৱনতি নঘটে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে জাৰি কৰিছে কেইবাটাও গুৰুত্বপূৰ্ণ নিৰ্দেশনা।
সামাজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰাটো চৰকাৰে বাধ্যতামূলক কৰাৰ লগতে সন্ধিয়া ৬ বজাৰ পিছত সকলো ধৰণৰ ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ নিৰ্দেশনা জাৰি কৰিছে। ইয়াৰ মাজতে চৰকাৰে হোটেল, ৰেষ্টুৰেন্ট সন্দৰ্ভত অন্য এক বিশেষ নিৰ্দেশনা জাৰি কৰিছে।
চৰকাৰৰ এই নিৰ্দেশনা অনুসৰি অন্যান্য ব্যৱসায়িক প্ৰতিষ্ঠানৰ লগতে হোটেল, ৰেষ্টুৰেন্ট সমূহ সন্ধিয়া ৬ বজাত বন্ধ কৰিব লাগিব যদিও হোটেল, ৰেষ্টুৰেন্ট সমূহে হোম ডেলিভাৰী সেৱা অব্যাহত ৰাখিব পাৰিব।
ইফালে অত্যাৱশ্যকীয় সামগ্ৰী সমূহ ই-কমাৰ্চৰ জৰিয়তে ৬ বজাৰ পিছত হোম ডেলিভাৰী সেৱা চলাই যাব পাৰিব। অৱশ্যে চিকিৎসা সেৱাৰ লগত জড়িত সেৱা সমূহক এই নিৰ্দেশনাৰ বাহিৰত ৰখা হৈছে। চৰকাৰৰ এই নিৰ্দেশনা অহা ৩০ এপ্ৰিল পৰ্যন্ত বাহাল থাকিব।