নিউজ ডেস্কঃ এতিয়াৰে পৰা সহজ হৈ পৰিব অসম আৰক্ষী মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষ কাৰ্যালয়ত শীৰ্ষ আৰক্ষী বিষয়াক সাক্ষাৎ কৰা । আৰক্ষী সঞ্চালক প্ৰধান জি. পি. সিঙে প্ৰদান কৰিলে এই বিশেষ নিৰ্দেশনা।
সোমবাৰৰ পৰা যিকোনো লোকে আৰক্ষী মুখ্য কাৰ্যালয়ৰ লগতে ৰাজ্যৰ সকলো আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত শীৰ্ষ আৰক্ষী বিষয়াক লগ কৰি নিজৰ ওজৰ আপত্তি দিব পাৰিব । এই নিৰ্দেশনা আৰক্ষী সঞ্চালক প্ৰধানে বাধ্যতামূলক নিৰ্দেশনা প্ৰদান কৰিছে।
প্ৰতিটো কৰ্ম দিনত পুৱা ১১.৩০ বজাৰ পৰা বিয়লি ১.৩০ বজালৈ আপত্তি গ্ৰহণৰ বাবে নিয়োজিত কৰা হ’ব এগৰাকী দায়িত্বশীল বিষয়াক । দায়িত্বত থকা আৰক্ষী বিষয়া গৰাকীয়ে জিলাখনৰ ৰাইজৰ লগত মত বিনিময় কৰি অভিযোগৰ নিস্পত্তিকৰণৰ কৰিব।
ইতিমধ্যে জিলাৰ আৰক্ষী অধীক্ষক কাৰ্যালয় সমূহত দায়িত্ব থাকিব লগীয়া বিষয়াৰ নাম ঘোষণা কৰা হৈছে।
যদি কোনো জিলাৰ দায়িত্ব থকা বিষয়া নিদিষ্ট সময়ত উপস্থিত নাথাকে তেতিয়া হ”লে আৰক্ষী মুখ্য কাৰ্যালয়ত অৱগত কৰিব পাৰিব ।
উল্লেখযোগ্য যে, এই নতুন নিৰ্দেশনাত জি.পি.সিঙে কোনো ধৰণৰ গাফিলতি সহ্য কৰা নহ’ব বুলি ইতিমধ্যে বিষয়া সকলক সতৰ্ক কৰি দিছে।
লগতে পঢ়ক – নৱ নিযুক্ত DGPৰ নিৰ্দেশৰ পাছতে বিশেষ ব্যৱস্থা দৰং জিলা আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত