গুৱাহাটী : মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই শুকুৰবাৰে অসম বিধানসভাৰ বিধায়ক আৱাস চৌহদৰ ভিতৰত নতুনকৈ নিৰ্মাণ কৰা বিধানসভা স্বাস্থ্যসেৱা কেন্দ্র আনুষ্ঠানিকভাৱে মুকলি কৰে। এই অনুষ্ঠানতে মুখ্যমন্ত্ৰীয়ে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ পৰা নিজৰ হেলথ কার্ডখনাে আনুষ্ঠানিকভাৱে গ্ৰহণ কৰে।

উল্লেখযােগ্য যে মুকলি কৰা এই বিধানসভা স্বাস্থ্যসেৱা কেন্দ্ৰত ফার্মাচী, লেবৰেটৰী, ফিজিঅ’ থেৰাপি ক্লিনিক আদি বিভিন্ন সা-সুবিধা উপলব্ধ হ’ব। এই চিকিৎসালয়ত ২৪ ঘণ্টাই উপলব্ধ হােৱাকৈ ৪ গৰাকী চিকিৎসক, ৪ গৰাকী ফার্মাচিষ্ট আৰু ৮ গৰাকী নার্চে সেৱা আগবঢ়াব। তদুপৰি সপ্তাহৰ ৫ টা দিন গুৱাহাটী মেডিকেল কলেজৰ পৰা অহা এগৰাকী বিশেষজ্ঞ চিকিৎসকেও এই চিকিৎসালয়ত সেৱা আগবঢ়াব।

এই চিকিৎসালয়ত চিকিৎসা গ্রহণৰ বাবে বিধায়কসকল আৰু তেওঁলােকৰ পৰিয়ালবৰ্গ তথা বিধানসভা সচিবালয়ৰ বিষয়া-কৰ্মচাৰীসকলক একোখনকৈ ডিজিটেল হেলথ কার্ড প্রদান কৰা হ’ব। অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাইজৰ সেৱাৰ বাবে প্রতিমুহূর্ততে সক্রিয় হৈ থাকিবৰ বাবে বিধায়কসকল সুস্বাস্থ্যৰ অধিকাৰী হ’বই লাগিব। সেয়েহে প্ৰতিগৰাকী বিধায়ককে নিজৰ স্বাস্থ্য যতনৰ প্রতি গুৰুত্ব দিবলৈ আহ্বান জনাই তেওঁ কয় যে মুকলি কৰা এই চিকিৎসালয়ে বর্তমান আৰু পূর্ব বিধায়কসকল তথা তেওঁলােকৰ পৰিয়ালৰ সদস্যসকল আৰু বিধানসভা সচিবালয়ৰ বিষয়া কৰ্মচাৰীসকলৰ চিকিৎসাজনিত সেৱাৰ বাবে এক ডাঙৰ সকাহ হ’ব।

বিধানসভাৰ বৰ্তমানৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে বিধানসভা চৌহদৰ আন্তঃগাঁথনিৰ সংস্কাৰ সাধনৰ দিশত গ্ৰহণ কৰা ব্যৱস্থাৱলীৰ বাবে অধ্যক্ষ গৰাকীক ধন্যবাদ জ্ঞাপন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে বিধানসভাৰ পৰৱৰ্তী অধিৱেশনৰ কাৰ্যসূচী নতুন বিধানসভা ভৱনত অনুষ্ঠিত কৰিব পৰা যাব বুলিও তেওঁ আশাবাদী। এই ক্ষেত্ৰত প্ৰয়ােজনীয় পুঁজি চৰকাৰে ইতিমধ্যে আবণ্টন কৰাৰ প্রসংগও তেওঁ উল্লেখ কৰে।

লগতে পঢ়ক : স্কুটি চালকে চোচৰাই নিলে যানবাহন নিয়ন্ত্ৰণ শাখাৰ সহকাৰী উপ পৰিদৰ্শকক

বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে আদৰণী ভাষণ প্রদান কৰা এই অনুষ্ঠানত স্বাস্থ্যমন্ত্রী কেশৱ মহন্তইও ভাষণ প্রদান কৰে। অনুষ্ঠানত বিধানসভাৰ উপাধ্যক্ষ ডাঃ নােমল মমিন, সংসদীয় পৰিক্ৰমা মন্ত্রী পীযুষ হাজৰিকা, অসমৰ বিধানসভাৰ বিৰােধী দলপতি দেৱব্ৰত শইকীয়াৰ লগতে কেইবাগৰাকীও মন্ত্রী-বিধায়ক উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply