নিউজ ডেস্ক : ক’ভিডৰ এই দিনত বাহিৰত খাবলৈ যোৱাৰ পৰা এতিয়া পৰাপক্ষত সকলোৱে হয়তো আঁতৰি থাকে। তদুপৰি Swiggy, Zomato আদিৰ দিনত এতিয়া আমি ঘৰতে বহি মন পচণ্ডৰ খানাৰ সোৱাদ ল’ব পাৰোঁ। আপুনি যদি গুৱাহাটীত থাকে তেন্তে আজিয়ে এইকেইখন নতুন ৰেষ্টোৰেণ্টৰ পৰা অৰ্ডাৰ দি চাওক।
আৰ্বান প্লে’ট (Urban Plate), উলুবাৰী

বাৰ্গাৰ, ৰোল, বিৰিয়ানি, ফ্ৰাইড ৰাইচ আদি বিবিধ আইটেম উপলব্ধ আৰ্বান প্লে’টৰ কেইবিধমান স্পেচিয়েল আইটেম হৈছে Chef Special Boti Kebab Biryani, Pork in Bamboo Shoot, আৰু Til Chicken Meal। ইয়াৰ উপৰি আপুনি Calcutta-style Mutton Biryani, Pulled Pork Burger, Pineapple Fried Rice, Mini Egg Meal আৰু Paneer 65 Roll-ৰ সোৱাদ ল’ব পাৰে।
দুজনৰ জোখাৰ আহাৰ বাবদ : ২০০ টকা (approx.)
চাকনা – হুৱেৰ পাৰ্টি নেভাৰ এণ্ডছ (Chakna – Where Party Never Ends) হাটিগাঁও

নামটোৰ পৰাই নিশ্চয় অনুমান কৰিব পাৰিছে, লঘু আহাৰৰ বাবে এইখন এখন উত্তম স্থান। ইয়াত আপুনি পাব Crispy Baby Corn, Chicken 65, Chicken Mayonnaise Pakoda, Chicken Afghani Malai Pakoda, Barbeque Pakoda, French Fries ইত্যাদি। ইয়াৰ উপৰি ইয়াত Schezwan Cheese Chicken Roll, Cheese Roll, Double Egg Roll, Malai Paneer Roll আদি বিভিন্ন ৰোলৰ সোৱাদ ল’ব পাৰে।
দুজনৰ জোখাৰ আহাৰ বাবদ : ৩০০ টকা (approx.)
ডেইৰী ক’টেজ এণ্ড ইটাৰিছ (Dairy Cottage N Eateries), পল্টন বজাৰ

কম খৰচী এই নতুন ৰেষ্টোৰেণ্টখন নিৰামিষভোজীসকলৰ বাবে এখন উত্তম ঠাই। ইয়াত আপুনি Butter Pav Bhaji, Tawa Veg Cheese Burger, Veg Chilla, Chole Bhature, Pyaz Pakoda, Chilli Cheese Toast আদিৰ সোৱাদ লোৱাৰ লগতে Veg Cheese Paneer Grilled Sandwich + French Fries আৰু Bharwan Kachori + Bread Stuffed Pakoda আদি কেইটিমান উৎকৃষ্ট মানৰ ক’ম্বো প্লেটাৰৰ সোৱাদ ল’ব পাৰিব।
দুজনৰ জোখাৰ আহাৰ বাবদ : ১৫০ টকা (approx.)
টেষ্টবাডছ (Tastebuds), হাতীগাঁও

টেষ্টবাডছৰ পৰা ঘৰুৱা ষ্টাইলৰ ৰুটী পনীৰ ঘুগুনি, পুৰি চবজি, চালাডৰ সৈতে চিকেন কাৰী ভাত, ফ্ৰাইড ৰাইচ আৰু গাৰ্লিক চিকেন, ভেজ পোলাও, চিকেন পকৰি, এগ নুডলছ আদিৰ লগতে ফ্ৰাইড ম’ম’ৰ অৰ্ডাৰ দিব পাৰে।
দুজনৰ জোখাৰ আহাৰ বাবদ : ১৫০ টকা (approx.)
লগতে পঢ়ক : প্ৰদেশ কংগ্ৰেছৰ প্ৰতিনিধি দলক লাইলাপুৰত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ল