গুৱাহাটী : কামৰূপ মহানগৰ জিলাত কভিডৰ সংক্ৰমণ উদ্বেগজনকভাৱে বৃদ্ধি পােৱাৰ প্রতি লক্ষ্য ৰাখি এই সংক্রমণ ৰােধৰ অৰ্থে হ’ম কোৱাৰেণ্টাইন সম্পর্কত কিছুমান নতুন নির্দেশনা জাৰি কৰা হৈছে। এই নির্দেশনাসমূহ কার্যকৰী কৰাৰ উদ্দেশ্যে গঠন কৰা হ’ম কোৱাৰেণ্টাইন তদাৰকী সমিতিসমূহৰ দায়িত্ব আৰু কর্তব্য সম্পর্কত কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত সােমবাৰে এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয়।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৰ পৌৰহিত্যত অনুষ্ঠিত এই সভাত পৌৰ নিগমৰ অতিৰিক্ত আয়ুক্ত পুলক মহন্ত, মহানগৰীৰ যুটীয়া আৰক্ষী আয়ুক্ত দেৱৰাজ উপাধ্যায়, কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত উপায়ুক্ত আৰু চক্ৰ বিষয়াসকলৰ উপৰি স্বাস্থ্য বিভাগৰ উচ্চ পদস্থ বিষয়াসকলৰ উপস্থিত থাকে। কামৰূপ মহানগৰ জিলাৰ চহৰাঞ্চল আৰু গ্রাম্যাঞ্চলৰ প্রতিটো এলেকাতে গাঁও পঞ্চায়ত আৰু স্থানীয় এলেকাৰ নাগৰিক সমিতিসমূহৰ লগতে অৱসৰপ্ৰাপ্ত শিক্ষক, সচেতন নাগৰিক, সংঘ, ক্লাৱ, বেচৰকাৰী সংস্থা আদিক অন্তর্ভুক্ত কৰি গঠন কৰা হ’ম কোৱাৰেণ্টাইন সমিতিসমূহে কভিড আক্রান্তসকলৰ হ’ম কোৱাৰেণ্টাইন সম্পর্কীয় সকলাে দিশ চোৱাচিতা কৰিব যাতে, কোনাে কাৰণতে হ’ম কোৱাৰেণ্টাইনৰ নীতি-নিয়ম ভংগ কৰা নহয়।

কোনাে ব্যক্তিয়ে হ’ম কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰিলে সমিতিসমূহে ততালিকে স্থানীয় আৰক্ষী প্রশাসনক অৱগত কৰিব আৰু আৰক্ষীয়ে লগে লগে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব। উল্লেখনীয় যে মহানগৰীৰ এপার্টমেন্টসমূহতাে এনে ধৰণৰ হ’ম কোৱাৰেণ্টাইন তদাৰকী সমিতি থাকিব। কোনাে চৰকাৰী বিষয়া অথবা কৰ্মচাৰীয়ে কভিডৰ হ’ম কোৱাৰেণ্টাইনৰ নিয়ম ভংগ কৰিলে সংশ্লিষ্ট সমিতিয়ে জিলা প্রশাসনক ততালিকে অৱগত কৰিব আৰু পৰৱর্তী পর্যায়ত চাকৰীয়ালজনৰ সংশ্লিষ্ট বিভাগে শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰিব। চক্ৰ বিষয়াসকলে এই সমগ্র প্রক্রিয়াটো তদাৰক কৰিব।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 4,843 other subscribers

Leave a comment

Leave a Reply