গুৱাহাটী : ছাত্ৰ-ছাত্ৰী আৰু যুৱ প্ৰজন্মৰ মাজত কিতাপ পঢ়াৰ অভ্যাস এটা গঢ়ি তােলা আৰু শিক্ষাৰ লগত জড়িত প্রয়ােজনীয় সমল উপলভ্য হােৱাকৈ মঙলবাৰে গুৱাহাটীৰ কনকলতা পথ, অনিংগিৰিত ফার্ন চ’চাইটি পুথিভঁৰাল উন্মােচন কৰে পশ্চিম গুৱাহাটী বিধান সভা সমষ্টিৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই। বর্তমান ৪৫০ খন ইংৰাজী আৰু ২৫০ খন অসমীয়া কিতাপ এই পুথিভঁৰালটোত পঢ়াৰ বাবে উপলভ্য, য’ত আছে মূলতঃ প্ৰসংগ পুথি তথা সহায়িকা, উপন্যাস, গল্প, আত্মজীৱনী, বুৰঞ্জীমূলক আৰু ধর্মীয় গ্রন্থ, বিশ্বকোষ, অভিধান, মানচিত্র, শব্দকোষ আলি লগতে থাকিব দৈনিক বাতৰি কাকত, আলােচনী আদিও।
তাৰ উপৰিও পঢ়ৱৈ আৰু ছাত্ৰ-ছাত্ৰীৰ বাবে বৃটিছ কাউন্সিল পুথিভঁৰালৰ সুবিধাৰ ব্যৱস্থাও কৰা হৈছে। ফান চ’চাইটিৰ সম্পাদক শুভংকৰ বৰুৱাই কয় প্রায় দুই হাজাৰৰাে অধিক জনসংখ্যাৰ আদিগিৰি অঞ্চলত এটাও ৰাজহুৱা পুথিভঁৰাল নাই, আৰু এই অভাৱ আঁতৰাবলৈকে ফান চ’চাইটিয়ে এই প্রচেষ্টা লৈ আহিছে। পঢ়াৰ ভাল অভ্যাসটো সকলােৰে মাজত গঢ়ি উঠাটা খুবেই প্রয়ােজনীয়, আৰু এই অভ্যাস গঢ়ি তুলিবলৈ পঢ়াৰ সমল হাততে পােৱাটোও প্রয়ােজনীয়। এটা ভাল পুথিভঁৰাল হ’লে এইটো আৰু সমস্যা হৈ নাথাকে, ফার্ন চ’চাইটি পুথিভঁৰালে পঢ়ুৱৈৰ এই অভাৱ আঁতৰাব পাৰিব।”
ফার্ন চাচাইটৰ সভাপতি বসন্ত ৰাম কলিতাই কয় “এয়া আৰম্ভণিহে, ৰাইজৰ সঁহাৰি সাপেক্ষে আমি আৰু নতুন কিতাপ ইয়াত অন্তর্ভুক্ত কৰি গৈ থকাৰ পৰিকল্পনা কৰিম, লগতে ফার্ন চ’চাইটিয়ে ইষ্টার্ণ বুক হাউছুৰ স্বৰ্গীয় সন্দীপ শর্মা, আকি-বাক প্রকাশনৰ সৌমিত্র যােগী, বিগ এফ এমৰ আৰ জে শুভংকৰ আৰু আন শুভাকাংক্ষী সকলক আমালৈ কিতাপ দান কৰাৰ বাবে বহুত ধন্যবাদ জনাইছে।”
লগতে পঢ়ক : কিডনী ব্যৱসায় কাণ্ডৰ মূল অভিযুক্ত প্লাবন বৰঠাকুৰৰ জামিন নাকচ
দা ফার্ন ছ’চাইটি গুৱাহাটী হৈছে এটা চেচ্ছাসেবী সংগঠন যি ৰাজ্যখনৰ বিভিন্ন সামাজিক ক্ষেত্ৰত সক্রিয়ভাবে কাম কৰি আহিছে। চ’চাইটিয়ে ক’ভিভ মহামাৰীৰ সময়ত দিয়া লকডাউন লগতে বানপানীৰ সময়ত বিভিন্ন সাহার্য অনুষ্ঠান আয়ােজন কৰি আহিছে৷ লগতে তেওঁলোকে সময়ে সময়ে নগৰাঞ্চলৰ সেউজকৰণৰ বাবে গছপুলি বিণ আৰু ৰােপনৰ কার্যাসুঢ়ীও হাতত লৈ আহিছে।