বহু প্ৰত্যাশাৰ অন্তত ৰাজ্যৰ নৱতম চিকিৎসা মহাবিদ্যালয়ৰ শুভাৰম্ভ কৰা হয়। উত্তৰ পাৰৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় মঙ্গলবাৰে শুভাৰম্ভ কৰে মুখ্যমন্ত্ৰীয়ে। এই চিকিৎসা মহাবিদ্যালয়ত মঙ্গলবাৰৰ পৰাই ছাত্ৰ – ছাত্ৰীৰ পাঠদান আৰম্ভ হব ।
লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ৰ খন ২০১১ চনতে আধাশিলা স্থাপন কৰা হৈছিল। অৱশেষত বহুত বছৰৰ অন্তত লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ে আজিৰে পৰা মুকলি হোৱাত বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ বহুদিনীয়া অভাব পূৰ্ণ হয়।
৫৮৯ কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছে চিকিৎসা মহাবিদ্যালয় খন। ৫১৪ খন বিচনা যুক্ত হাস্পতালৰ ব্যৱস্থা থকা এই চিকিৎসা মহাবিদ্যালয়ত ১০০ খন আসন ছাত্ৰছাত্ৰীৰ বাবে ব্যবস্থা কৰা হৈছে। প্ৰথম বৰ্ষৰ MBBS ত নাম ভৰ্তি কৰিব ৭৫ গৰাকী ছাত্ৰ ছাত্ৰীয়ে।

ইয়াৰ পূৰ্বে লখিমপুৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ স্থায়ী জয়হিং চৌহদ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। মহাবিদ্যালয়খনে পশু চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আগবঢ়াইছে। নতুন শাখাটোৱে পশুধনৰ উন্নয়নৰ দিশত বিভিন্ন গৱেষণাকে ধৰি ৰাইজলৈ সেৱা আগবঢ়াই যাব বুলি আশা কৰে মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই মহাবিদ্যালয় খন মুকলি কৰি ছাত্র ছাত্রী সকলক কেৱল চাকৰি মুখী নহৈ সংশ্লিষ্ট ক্ষেত্র ত উৎপাদন ৰ সৈতে জৰিত হৈ নিজ ৰ লগতে আন দহ জনৰো সংস্থাপনৰ দিহা কৰাৰ আহ্বান জনায়।
চাহ তেল কয়লাৰ বাদে অসমে আন সকলো বাহিৰৰ পৰা আমদানি কৰিব লগীয়া হোৱাৰ কথা উল্লেখ কৰি তেও উৎপাদনী পথাৰ খন অতি সাৰুৱা বুলি মন্তব্য কৰি নৱ প্ৰজন্মক আত্মনিয়োগৰ আহ্বান জনায়।

অনুষ্ঠানত মন্ত্ৰী অতুল বৰা, কেশৱ মহন্ত, সাংসদ প্ৰদান বৰুৱা, বিধায়কদ্বয় মানব ডেকা, ড° অমিয় কুমাৰ ভূঞা উপস্থিত আছিল।

লগতে পঢ়ক- আনন্দ মিশ্ৰ আতৰিল যদিও নগাৱত এনকাউন্টাৰ বন্ধ হোৱা নাই

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,868 other subscribers

Leave a comment

Leave a Reply