দুখনকৈ আৰক্ষী থানা থকাৰ পিছতো চোৰৰ উপদ্ৰবত নিদ্ৰা হৰিছে মৰাণৰ ৰাইজৰ। বৰ্তমান নগৰৰ লগতে ইয়াৰ আশে পাশে থকা অঞ্চল সমূহত চলাই চুৰি কাৰ্য প্ৰতিৰোধ কৰাৰ ক্ষেত্ৰত সম্পূৰ্ণ ৰূপে ব্যৰ্থ হৈছে আৰক্ষী।

যোৱা নিশা মৰাণ নগৰৰ মাজমজিয়াত চোৰে চলাই চাফাই অভিযান। মৰাণ আৰক্ষী থানাৰ পৰা প্ৰায় ১০০ মিটাৰ দুৰত্বত নিশা দোকানৰ ছাটাৰ ভাঙি চুৰি কৰি নিয়ে ।


মেচাৰ্চ ত্ৰিবেনী নামৰ প্ৰতিষ্ঠানৰ পৰা প্ৰায় আঠ লক্ষ্য টকাৰ মোবাইল ফোনৰ লগতে নগদ ২২ হাজাৰ টকা চুৰি কৰাৰ অভিযোগ ব্যবসায়িক প্ৰতিষ্ঠানটোৰ।


দুখনকৈ আৰক্ষী থানাৰ আৰক্ষী আৰু চি আৰ পি বাহিনী তহল দিয়ে যদিও মাজমজিয়াতে কেনেদৰে চুৰি কাৰ্য সংঘটিত কৰিলে তাক লৈহে চিন্তিত স্থানীয় ৰাইজ। যাৰ ফলত চোৰৰ তাণ্ডৱে নিশা টোপনি সৰিছে মৰাণবাসী।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,013 other subscribers

Leave a comment

Leave a Reply