গুৱাহাটী বিমানবন্দৰ

ভাৰতৰত্ন গোপীনাথ বৰদলৈৰ নামেৰে থকা অসমৰ একমাত্ৰ বিমানবন্দৰটো এতিয়া আদানীৰ নামত ।

চৰকাৰে বিমানবন্দৰটো আদানী গ্ৰুপক গটাই দিয়াৰ পিছতেই কোম্পানীটোৱে নিজৰ নাম লিপিবদ্ধ কৰে ।

ৰাজ্য চৰকাৰে অসমৰ নমস্য ব্যক্তি গৰাকীৰ নাম আতৰাই পেলোৱাৰ পিছতো মৌনতা অবলম্বন কৰি আছে । ৰাজনৈতিক দল সমূহে ইয়াক লৈ প্ৰতিবাদ কৰিছিল যদিও চৰকাৰে বিষয়টোক লৈ গুৰুত্ব নিদিলে ।

লগতে পঢ়ক ক’ভিড প্ৰট’কলৰ মাজেৰে ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত মাহযোৰা পালনাম আৰম্ভ

বিজ্ঞাপন


কোম্পানীটোৰ ফালৰ পৰা প্ৰকাশিত বিজ্ঞাপনত বিমানবন্দৰটোৰ নাম আদানী গুৱাহাটী আন্তৰাষ্ট্ৰীয় বিমানবন্দৰ বুলি উল্লেখ কৰিছে ।

গোলাঘাটত অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই তেওঁ মুখ্যমন্ত্ৰী হৈ থকা লৈকে লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ নাম সলনি কৰিবলৈ দিয়া নহ’ব বুলি স্পষ্ট কৰি দিছে।

মুখ্যমন্ত্ৰী বিমান বন্দৰটোৰ নাম সলনি কৰা হোৱা নাই বুলি স্পষ্ট কৰি দিছে যদিও আদানী গ্ৰুপে বাতৰি কাকতৰ নিবিদাৰ বিজ্ঞাপনত ‘আদানী গুৱাহাটী আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ লিমিটেড বুলিয়েই উল্লেখ কৰিছে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,006 other subscribers

Leave a comment

Leave a Reply