সোণাৰি : সোণাৰিত দেওবাৰে ৰাইজৰ বাবে মুকলি কৰা হ’ল এটা নতুন তেল ডিপো। ২৮৮/৩১৩ নং গ্ৰান্ট (চলাপথাৰ তিনিআলি) চেপন-চফ্ৰাই পথত ৰাইজৰ বাবে মুকলি কৰা হয় নৱনিৰ্মিত চাওলু ফুৱেল ষ্টেচন ।

ভাৰত পেট্ৰ’লিয়ামৰ দ্বাৰা কৰ্তৃত্ব প্ৰাপ্ত এই ফুৱেল ষ্টেচনটো আনুষ্ঠানিকভাৱে মুকলি কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে। উল্লেখ্য যে সোণাৰিৰ চফ্ৰাই-চেপন পথত এই তেল ডিপোটো স্থাপন কৰা ফলত চফ্ৰাই, চেপন, দিচাংপানীকে ধৰি এই পথেৰে অহা-যোৱা কৰা হাজাৰ হাজাৰ লোকৰ বৃহৎ অভাৱ পূৰণ হ’ব।

লগতে পঢ়ক : মানকাচৰত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তোৰ উদ্যোগত বিএছএফ কেম্পত ৰাখী বন্ধন উৎসৱ পালন

এই তেল ডিপোটো উদ্বোধনী অনুষ্ঠানত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে চৰাইদেউ জিলাৰ অতিৰিক্ত উপায়ুক্ত জাভেদ আৰমান, সোণাৰি পৌৰসভাৰ প্ৰাক্তন পৌৰনেত্ৰী প্ৰণীতা পাংগিং, সমাজকৰ্মী কাজল দে’ৰ লগতে যথেষ্ট সংখ্যক ব্যক্তি উপস্থিত থাকে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,049 other subscribers

Leave a comment

Leave a Reply