গোৱালপাৰা – অসমবাসীক নিৰ্ভেজাল খাদ্য খুৱাব নতুন ৰাজনৈতিক দলে। গোৱালপাৰাত গঠন হ’ল অসমবাসীক নিৰ্ভেজাল খাদ্য যোগান ধৰাৰ প্ৰতিশ্ৰুতিৰে নতুন ৰাজনৈতিক দল। চৰকাৰ গঠন কৰিবলৈ সক্ষম হ’লে অসমবাসীক নিৰ্ভেজাল খাদ্য যোগান ধৰিব ‘অসমীয়াৰ দলে’।

ৰাজ্যত এতিয়া বলিছে গৰম নিৰ্বাচনী বতাহ। সমাগত বিধানসভা নিৰ্বাচনে গৰম কৰি তুলিছে ৰাজ্যৰ ৰাজনৈতিক মহল। শাসকীয় বিজেপি, বিৰোধী কংগ্ৰেছ আৰু এ আই ইউ ডি এফৰ লগতে নৱগঠিত অসম জাতীয় পৰিষদ, ৰাইজৰ দল ব্যস্ত নিৰ্বাচনী ৰণ কৈশলকলৈ। অন্যান্য ৰাজনৈতিক দল সমূহৰো ব্যস্ততাৰ অন্ত নাই।

অসম বিধানসভা নিৰ্বাচনলৈ সকলো ৰাজনৈতিক দল ব্যস্ত হৈ থকাৰ মাজতে ৰাজ্যত ভূমিষ্ঠ হৈছে নতুন ৰাজনৈতিক দল। গোৱালপাৰা জিলাত ভূমিষ্ঠ হোৱা ৰাজনৈতিক দলটোৰ নাম হৈছে ‘অসমীয়াৰ দল’। এক বিশেষ উদ্দেশ্যেৰে এই নতুন ৰাজনৈতিক দল ভূমিষ্ঠ হৈছে।

শাসকীয় বিজেপি দলে নিজৰ পাঁচ বছৰীয়া কাৰ্যকালৰ উপলব্ধি সমূহ লৈ ৰাইজৰ কাষ চাপিছে। কংগ্ৰেছ ৰাইজৰ ওচৰলৈ গৈছে বিজেপিৰ বিফলতা সমূহ লৈ। অসম জাতীয় পৰিষদ আৰু ৰাইজৰ দলৰ উদ্দেশ্য এইবাৰ অসমত জাতীয়তাবাদী চৰকাৰ গঠন কৰা। সকলো ৰাজনৈতিক দলতকৈ পৃথক লক্ষ্যৰে নিৰ্বাচনী যুঁজত নামিবলৈ কঁকালত টঙালি বান্ধিছে নৱগঠিত ‘অসমীয়াৰ দলে’।

নিবনুৱা সমস্যা, মূল্যবৃদ্ধি, “কা”, উন্নয়ন নহয়, অসমবাসী ৰাইজক নিৰ্ভেজাল খাদ্য খুৱাবলৈ গঠন হৈছে ‘অসমীয়াৰ দল’। নৱগঠিত ৰাজনৈতিক দলটোৰ সভাপতি মেহবুব ৰহমানে কয় যে নিৰ্বাচনত জয়লাভ কৰিলে দলটোৱে অসমবাসী ৰাইজক নিৰ্ভেজাল খাদ্য যোগান ধৰাৰ ব্যৱস্থা কৰিব।

অসমবাসী ৰাইজক জৈৱিক পদ্ধতিৰে খাদ্য সামগ্ৰী উৎপাদনৰ ব্যৱস্থা কৰি দিব ‘অসমীয়াৰ দলে’ বুলিও জানিবলৈ দিয়ে দলটোৰ সভাপতি গৰাকীয়ে। নৱগঠিত ৰাজনৈতিক দলটোৱে লগতে অসম-নাগালেণ্ডৰ মাজত চলি থকা দীৰ্ঘদিনীয়া সীমা বিবাদ নিস্পতি কৰাৰো চেষ্টা চলাব বুলি জানিবলৈ দিয়ে সভাপতি গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply