মানকাচৰ : ৰাজ্য চৰকাৰে জাৰি কৰা ক’ভিডৰ নতুন নিয়ম অনুসৰি দেওবাৰে দক্ষিণ শালমাৰা মানকাচৰ জিলাত দিনৰ ১১ বজাত সকলো দোকান-পোহৰ বন্ধ কৰি দিয়া হয়। ইয়াৰ লগতে ১২ বজাৰ পৰা সান্ধ্য আইন নমনা লোকৰ বিৰুদ্ধে মানকাচৰ আৰক্ষীয়ে জৰিমনা বিহা পৰিলক্ষিত হয়।

আৰক্ষীয়ে সকলো ৰাইজক চৰকাৰী নিৰদর্শনা মানি চলিবলৈ আহ্বান জনায়। ৰাজ্য চৰকাৰৰ নিৰ্দেশনাৰ পিছতেই জিলা প্ৰশাসনৰ পৰা নতুন এছ অ পি মানিবলৈ ইতিমধ্যে জনসংযোগ বিভাগে মাইকযোগে প্ৰচাৰ চলোৱাৰ লগতে সকলো সপ্তাহিক বজাৰ বন্ধ কৰি দিয়ে। একেদৰে দিনৰ ১১ বজাত সকলো দোকান-পোহাৰ বন্ধ কৰি দিয়াৰ লগতে ১২ বজাৰ পৰা সান্ধ্য আইন বলবৎ কৰা হয়।

সান্ধ্য আইনৰ সময়ত নিৰ্দেশনা নমনা একাংশ লোকৰ বিৰুদ্ধে মানকাচৰ আৰক্ষীয়ে অসম-মেঘালয় সীমান্তবৰ্তী কামাখ্যাৰ ওচৰত অভিযান চলায়। আইন নমনা লোকৰ বিৰুদ্ধে আৰক্ষীয়ে জৰিমনা বিহাৰ লগতে জিলাবাসীক চৰকাৰী আইন মানিবলৈ মানকাচৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া নিতুল চন্দ্ৰ ৰয় এইদৰে আহ্বান জনায়।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,027 other subscribers

Leave a comment

Leave a Reply