মানকাচৰ : শেহতীয়া ক’ভিড পৰিস্থিতি সন্দৰ্ভত দক্ষিণ শালমাৰা-মানকাচৰত জিলা প্ৰশাসনৰ সুকীয়া এছ অ পি।জিলাখনৰ ক’ভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি আৰু ৰাইজৰ অসচেতনতা প্ৰত্যক্ষ কৰি জিলা প্ৰশাসনে জিলাখনত সুকীয়াকৈ এক নতুন এছ অ লি জাৰি কৰিছে।

দক্ষিণ শালমাৰা-মানকাচৰ জিলাৰ সদৰ হাটশিঙিমাৰীকে ধৰি জিলাখনৰ যিকোনো স্থানত ব্যৱসায়ীসকলে দোকান-পোহৰ খুলিলে ব্যৱসায়ী জন পূৰ্বে ক’ভিড পৰীক্ষা কৰি ভেকচিন গ্ৰহণ কৰিব লাগিব। ভেকচিন গ্ৰহণ কৰাৰ পিছতে ব্যৱসায়ী সকল দোকান খুলি ব্যৱসায় কৰক বুলি জিলা উপায়ুক্তই নিৰ্দেশ জাৰি কৰা পৰিলক্ষিত হৈছে।

আৰু পঢ়কঃ ইমান দিনে চকু মুদা কুলিৰ ভাও ধৰা ৰঙিয়া আৰক্ষীয়ে চকু মেলিলে

একেদৰে জিলাখনৰ বিভিন্ন ঠাইত যি সমূহ বাহন চলাচল কৰে সেই বাহন সমূহৰ চালক সকলকো ক’ভিড পৰীক্ষা কৰি ভেকচিন গ্ৰহণ কৰি বাহন চলাবলৈ জিলা প্ৰশাসনে নিৰ্দেশ প্ৰদান কৰিছে। জিলা প্ৰশাসনৰ নিৰ্দেশনাৰ পিছতে ইতিমধ্যে ব্যৱসায়ী সকলৰ লগতে বিভিন্ন বাহন চালক সকলে ক’ভিড পৰীক্ষা কৰিবলৈ আৰম্ভ কৰিছে।যি সকল ব্যৱসায়ী বা গাড়ী চালকে এই নিৰ্দেশনা নামানিব তেওঁলোকৰ বিৰুদ্ধে জিলা প্ৰশাসনে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিব বুলি জিলাখনত নতুনকৈ যোগদান কৰা জিলা উপায়ুক্ত এইচ এন গৌতমে জানিবলৈ দিয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 7,222 other subscribers

Leave a comment

Leave a Reply