গুৱাহাটী : বিশ্বৰ ৩৮ খন দেশত বিয়পি পৰিছে ক’ভিডৰ নতুন ভৰিয়েন্ট অমিক্ৰনৰ। ভাৰততো দ্ৰুত গতিত অমিক্ৰনৰ সংক্ৰমণ ঘটিছে। ইতিমধ্যে মহাৰাষ্ট্ৰ, ৰাজস্থান, কৰ্ণাটক, গুজৰাট আৰু দিল্লীত ধৰা পৰিছে অ’মিক্ৰনত আক্ৰান্ত লোক। বৰ্তমানলৈকে ভাৰতত আক্রান্তৰ সংখ্যা ২১ জন।
ৰাজস্থানত ৯ জন, মহাৰাষ্ট্ৰত ৮ জন, কৰ্ণাটক ত ২ জন, গুজৰাটত ১ জন আৰু দিল্লীত ১ জন লোক অ’মিক্ৰনত আক্ৰান্ত বুলি ধৰা পৰিছে। ইয়াৰে ৰাজস্থানৰ জয়পুৰত একেটা পৰিয়ালৰ ৪ জনৰ দেহত ধৰা পৰিছে অ’মিক্ৰনৰ সংক্ৰমণ। দেশত অ’মিক্ৰনৰ দ্ৰুত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি অসম চৰকাৰে নতুন এছঅ’পি ঘোষণা কৰিছে।
ৰাজ্য চৰকাৰৰ নতুন এছঅ’পি মতে অসম অভিমুখী বা অসমৰ পৰা যোৱা প্ৰতিগৰাকী বিমানযাত্ৰী তথা আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীয়ে বিমান যাত্ৰাৰ পূৰ্বেই বিগত ১৪ দিনৰ বিদেশ ভ্ৰমণ বৃত্তান্তসহ ‘এয়াৰসুবিধা’ প’ৰ্টেলত স্বঘোষণাপত্ৰ দাখিল কৰাৰ লগতে ভ্ৰমণৰ পূৰ্বৰ ৭২ ঘণ্টাৰ ভিতৰত কৰা ক’ভিড ইৰটিপিচিআৰ পৰীক্ষাৰ নিগেটিভ ৰিপোৰ্ট আপলোড কৰিব লাগিব। তদুপৰি, ইৰটিপিচিআৰ পৰীক্ষাৰ সত্যতা নিশ্চিত কৰি স্ব-ঘোষণাও আপলোড কৰিহে বিমানত উঠাৰ অনুমতি লাভ কৰিব পাৰিব।
বিমানত উঠাৰ পূৰ্বেই এয়াৰ সুবিধা প’ৰ্টেলৰ জৰিয়তে বা এয়াৰলাইন্স কৰ্তৃপক্ষৰ ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহন মন্ত্ৰালয়ক বিমান যাত্ৰীয়ে ক’ভিড সন্দৰ্ভত গৃহ বা প্ৰতিষ্ঠানিক কুৱাৰেণ্টিনত থাকিবলৈ চৰকাৰী কৰ্তৃপক্ষই দিয়া সিদ্ধান্ত পালন কৰিবলৈ সন্মতি জনাই স্বঘোষণা দাখিল কৰিব লাগিব। ইতিমধ্যে অমিক্ৰনৰ সংক্ৰমন ঘটা দেশসমূহৰ পৰা অহা যাত্ৰীৰ ক্ষেত্ৰত বিমানবন্দৰত অধিক কঠোৰ সতৰ্কতামূলক ব্যৱস্থাৰ লগতে বিশেষ ক’ভিড প্ৰট’কল অনুসৰণ কৰা হ’ব।
লগতে পঢ়ক : পিকনিকত সন্ধানহীন এন আৰ এলৰ জেষ্ঠ অভিযন্তাৰ আজিও শুংসুত্ৰ নাই
বিমানবন্দৰত অৱতৰণৰ পাছত ক’ভিড পৰীক্ষণৰ বাবে যাত্ৰীয়ে নমুনা দিব লাগিব। বিমানবন্দৰত অৱতৰণৰ পাছত ন্যূনতম শাৰীৰিক দূৰত্বকে ধৰি সকলো ক’ভিড প্ৰট’কল মানি যাত্ৰীয়ে বিমানৰ পৰা নামিব লাগিব।