অহা ২২ জুনলৈ জাৰি হ’ল ৰাজ্য চৰকাৰৰ নতুন SOP
ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই হাফলঙত সংবাদ মেলৰ জড়িয়তে ঘোষণা কৰিছে এই নতুন SOP।
গুৱাহাটীত কাৰ্ফিউ ১ বজাৰ সলনি ২ বজাৰ পৰা আৰম্ভ হ’ব ।
দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত সান্ধ্য আইনৰ সময় বিয়লি ৫ বজাৰ পৰা আৰম্ভ হ’ব ।
দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউত দিনৰ ৪ বজালৈ খোলা থাকিব দোকান-পোহাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, ধাবা, ৰেষ্টুৰেণ্ট ।
দক্ষিণ শালমৰা, মাজুলী, বঙাইগাঁও, চিৰাং, ওদালগুৰি, পশ্চিম কাৰ্বি আংলং, ডিমা হাচাও, চৰাইদেউ : এইকেইখন জিলাৰ বাহিৰে বাকী জিলাসমহূত ১২ বজাতে বন্ধ হ’ব দোকান-পোহাৰৰ লগতে কাৰ্যালয়, ব্যৱসায়িক প্ৰতিষ্ঠান ।
৫ জিলাত কোৰোনাৰ সংক্ৰমণ ৰোধৰ বাবে থাকিব চোকা নজৰ।এই পাঁচ জিলা হ’ল নগাঁও, শোণিতপুৰ, তিনিচুকীয়া, কাছাৰ আৰু ডিব্ৰুগড়।
২১ জুনলৈ নিয়ন্ত্ৰণ নহ’লে কাছাৰ, তিনিচুকীয়া, ডিব্ৰুগড়, শোণিতপুৰ আৰু নগাঁৱত অধিক কঠোৰ হ’ব নিয়ম
দুটা ড’জ ভেকচিন লোৱা সকলো আহিব লাগিব কাৰ্যালয়লৈ ।
গৰ্ভৱতী মহিলা, ৫ বছৰতকৈ তলৰ শিশুৰ মাতৃ, দিব্যাংগসকলে ঘৰৰ পৰাই কৰিব পাৰিব কাম
সমূহ শিক্ষানুষ্ঠান বন্ধ থাকিব ।
ধৰ্মীয় অনুষ্ঠান, বিবাহ, সত্কাৰত ১০জনেহে ভাগ ল’ব পাৰিব ।
২২ জুনলৈকে আন্তঃজিলা যাতায়াত বন্ধ থাকিব ।
লগতে পঢ়ক তামুলপুৰৰ কুমাৰীকাটাত এটি শিশুৱে পালে চুম্বকত্ব শক্তি