গুৱাহাটীঃআগন্তুক দুৰ্গা পূজাৰ বাবে ৰাজ্য় চৰকাৰে বান্ধি দিছে কেতবোৰ নতুন নিৰ্দেশনা। আজি এক সংবাদমেল যোগে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰে কিছুমান নীতি-নিয়ম ।
দুৰ্গা পূজাৰ আয়োজক সমিতিৰ লগতে, পূজাৰী আৰু দৰ্শনাৰ্থী সকলেও ক’ভিড ভেকচিন গ্ৰহণ কৰিব লাগিব।
দুৰ্গা পূজা কমিটীয়ে উপায়ুক্তৰ পৰা ল’ব লাগিব পূজা পতাৰ অনুমতি। পূজা মণ্ডপত যথেষ্ট আহল-বহল হ’ব লাগিব। পূজা মণ্ডপৰ প্ৰৱেশ আৰু প্ৰস্থান পৃথক পৃথক হ’ব লাগিব। ভক্ত, দৰ্শকৰ বাবে মাস্ক পৰিধান কৰাতো বাধ্যতামূলক।
পূজা কমিটীয়ে যোগান ধৰিব লাগিব মাস্ক। প্ৰসাদ বিতৰণ, অঞ্জলি, আৰতিৰ সময়ত কোভিড বিধি মানিব লাগিব। পঞ্চমীৰ দিনা পূজাৰ আয়োজক, স্বেচ্ছাসেৱকৰ কোভিড পৰীক্ষা বাধ্যতামূলক। প্ৰতীমা বিসৰ্জনৰ পিছতো আয়োজক কমিটীৰ কোভিড পৰীক্ষা বাধ্যতামূলক। পূজাৰ আৰম্ভণি আৰু শেষত মণ্ডপ ছেনিটাইজড কৰিব লাগিব পূজা কমিটিয়ে। পূজাস্থলীৰ প্ৰৱেশ পথত হেণ্ড ছেনিটাইজাৰ থাকিব লাগিব।
লগতে পঢ়কঃ ঘোষণা হ’ল বিশেষ মেট্ৰিক পৰীক্ষাৰ সময়সূচী
কমেও এপালি প্ৰতিষেধক লোৱা লোকে প্ৰৱেশ কৰিব পাৰিব মণ্ডপত। প্ৰতিদিনে পূজাৰ আৰম্ভণি আৰু শেষত মণ্ডপ ছেনিটাইজড কৰিব লাগিব। স্বেচ্ছাসেৱকে পূজা মণ্ডপৰ ভিতৰত ভক্তৰ ব্যৱধান নিশ্চিত কৰিব লাগিব। পূজাত একেলগে সমবেত হোৱাত নিষেধাজ্ঞা থাকিব। কালী পূজাতো এই নিয়মেই প্ৰযোজ্য হ’ব।
পূজাত মেলা আৰু সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত কৰিবলৈ দিয়া নহ’ব বুলি উল্লেখ কৰে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ।