গুৱাহাটী : অসম ৰাজ্যিক দুর্যোগ ব্যৱস্থাপনা প্রাধিকৰণে ৭৫ সংখ্যক স্বাধীনতা দিৱস উদ্যাপনৰ সময়ত মানি চলিবলগীয়া ক’ভিডৰ নিয়মাৱলী সন্দৰ্ভত এক নির্দেশনা জাৰি কৰিছে। সেইমর্মে মুকলি ঠাই বা খেলপথাৰত ৰাজ্যিক পর্যায়ত উদ্যাপন কৰিবলগীয়া অনুষ্ঠানত ১৫০০তকৈ অধিক লােক সমৱেত হ’ব নােৱাৰিব।
সেইদৰে জিলাভিত্তিত অনুষ্ঠিত হ’বলগীয়া অনুষ্ঠানত ৫০০ আৰু মহকুমা ভিত্তিত অনুষ্ঠিত হ’বলগীয়া স্বাধীনতা দিৱসৰ অনুষ্ঠানত ৩০০ জনতকৈ অধিক লােক উপস্থিত থাকিব নােৱাৰিব। উল্লেখিত স্থানসমূহৰ উপৰি অন্য স্থানত আয়ােজিত অনুষ্ঠানত জনসমাগম ২০০ তকৈ অধিক হ’ব নােৱাৰিব। বন্ধ হল, প্রেক্ষাগৃহ আদিৰ ক্ষেত্ৰত মুঠ আসনৰ ৫০ শতাংশ বা ২০০ তকৈ অধিক মানুহ উপস্থিত থাকিব নােৱাৰিব।
লগতে পঢ়ক : নিয়োগ বাৰ্তা : The IRCON International Limited নিযুক্তি সৃষ্টি
স্বাধীনতা দিৱসৰ অনুষ্ঠানত অংশগ্রহণ কৰিবলৈ যােৱা ব্যক্তি, বিষয়া আৰু কর্মচাৰীৰ ক্ষেত্ৰত সান্ধ্য আইন আৰু যুগ্ম-অযুগ্ম নম্বৰ ব্যৱস্থা শিথিল কৰা হৈছে। অৱশ্যে উদ্যাপনৰ সময়ছােৱাত সকলােৱে ক’ভিডৰ সকলাে নিয়মাৱলী যেনে মাস্কৰ ব্যৱহাৰ, সামাজিক দূৰত্ব, চেনিটাইজেছন আদি মানি চলাটো বাধ্যতামূলক।