গুৱাহাটী : গুৱাহাটীত তিনি বজালৈকে ব্যৱসায়িক প্ৰতিষ্ঠান খোলা থাকিব আৰু ৪ বজাৰ পৰা সান্ধ্য আইন। আন্ত:জিলা যাতায়ত সম্পূৰ্ণ বন্ধ থাকিব। গোৱালপাৰা, মৰিগাঁও, বিশ্বনাথ আৰু গোলাঘাট জিলাৰ বোকাখাত সোমোৱাৰৰ পৰা সম্পূৰ্ণ কনটেইনমেণ্ট হ’ব। গোৱালপাৰা, মৰিগাঁও, বিশ্বনাথ আৰু গোলাঘাট জিলাৰ বোকাখাত সোমবাৰৰ পৰা এটা সপ্তাহলৈ সম্পূৰ্ণ কনটেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

ৰাজ্যৰ ‘হত স্পট’ হিচাপে চিনাক্ত কৰা ২৪৭ টা অঞ্চল সম্পূৰ্ণ কনটেইনমেণ্ট জ’ন হ’ব। অহা সোমবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হ’ব নতুন এছ অ পি। অহা সোমবাৰৰ পৰা দেওবাৰ পৰ্যন্ত এই নতুন এছ অ পি প্ৰযোজ্য হ’ব। ইফালে অসমত কোৰোনাৰ ডেল্টা ভেৰিয়েন্টৰ অৱস্থিতি ধৰা পৰিছে। ইয়াৰে এজন লোকৰ মৃত্যু হোৱাৰ লগতে ৩০০ নমুনাৰ ভিতৰত ৭৭ শতাংশতে এই ভেৰিয়েন্ট পোৱা গৈছে। ৰাজ্যখনত পূৰ্বৰ দৰেই কোভিডৰ বাবে আন্তঃজিলা যাতায়ত বন্ধ ৰখা নিৰ্দেশ প্ৰদান কৰিছে ৰাজ্য চৰকাৰে।

আৰু পঢ়কঃ মৎস্য উৎপাদনৰ ক্ষেত্ৰত অসম আত্মনিৰ্ভৰশীল হোৱাৰ পথত

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই লগতে কয় যে ১ জুলাই ৰ পৰ অধিক ভেকচিন লাভ কৰিব চৰকাৰে। প্ৰতিদিনাই ডেৰ লাখ ভেকচিন লাভ কৰাৰ সম্ভাৱনা আছে ৰাজ্যই। যিসকলে কোৰোণাৰ দুয়োপালি ভেকচিন লৈছে, তেওঁলোকে এয়াৰপৰ্টত কোভিড টেষ্ট কৰিব নালাগে।অংগনবাড়ী কৰ্মী, সমাজ কল্যান বিভাগ তথা শিশু সকলৰ লগত জড়িত যিসকল কৰ্মচাৰী আছে তেওঁলোকক ভেকচিন দিবলৈ জিলা উপায়ুক্তই ব্যৱস্থা কৰিব। ভেকচিন নল’লে দৰমহা দিয়া নহ’ব বুলিও জানিবলৈ দিয়ে মন্ত্ৰী গৰাকীয়ে।

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 6,870 other subscribers

Leave a comment

Leave a Reply