ৰাজ্য চৰকাৰৰ নতুন গাইড লাইনত এইবাৰ কি নিৰ্দেশনা আহিল
কোৰোনাৰ সংক্ৰমন বৃদ্ধি পোৱালৈ চাই ৰাজ্য প্ৰশাসনে নতুন গাইড লাইন প্ৰকাশ কৰিছে । মুখ্য সচিব জিষ্ণু বৰুৱাৰ স্বাক্ষৰিত এই গাইড লাইন মতে জনসমাগম সন্দৰ্ভত কেতবোৰ নতুন নিয়ম কৰিছে ।
জিলা প্ৰশাসন তথা কৰ্তৃপক্ষৰ নিৰ্দেশনা মানিহে সাংস্কৃতিক অনুষ্ঠান সমূহ অনুষ্ঠিত কৰিব পাৰিব। বিশেষকৈ মাস্ক, হাত চেনিটাজেশ্যন কৰাৰ লগতে ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব বৰ্তাই ৰখাটো বাধ্যতা মূলক। ৫০ শতাংশ মানুহে সমাগম হ’ব পাৰিব। এনে অনুষ্ঠানত উচ্চসীমা ৪০০ জন বুলি ধৰা হ’ব।
বন্ধ হলত অনুষ্ঠান সমূহ আয়োজন কৰিলে ৫০ শতাংশ লোকহে উপস্থিত থাকিব পাৰিব। কোনো লোকেই এনে অনুষ্ঠানত ঠিয় হৈ থাকিব নোৱাৰিব । বন্ধ হল অথবা মুকলি অঞ্চলত হোৱা অনুষ্ঠানতো ঠিয় হৈ থাকিব নোৱাৰিব ।
বিবাহ অনুষ্ঠানকে আদি কৰি ব্যক্তিগত অনুষ্ঠান সমূহত সৰ্বাধিক ১০০ জন লোকহে উপস্থিত থাকিব পাৰিব।
মৃতকৰ অন্ত্যেষ্টিক্ৰিয়া পৰ্বত ২০ জনতকৈ অধিক লোকৰ সমাগম হ’ব নোৱাৰিব।
ধৰ্মীয় অনুষ্ঠান তথা উপাসনাস্থলীত কেৱল মাত্ৰ ২০ লোকহে প্ৰতি ঘন্টাত উপস্থিত থাকিব পাৰিব। বিখ্যাত ধৰ্মীয় স্থানত ইয়াৰ সংখ্যা ৫০ জন হ’ব পাৰিব বুলি কোৱা হৈছে ।
নতুন নিয়ম মতে , চুপাৰ মাৰ্কেট, সাপ্তাহিক বজাৰ আদি সকলো বাণিজ্যক ঠাইসমূহ সন্ধিয়া ৬ বজাৰ ভিতৰত বন্ধ কৰাটো বাধ্যতামূলক।
কৰ্মস্থলী(চৰকাৰী আৰু বেচৰকাৰী) সন্দৰ্ভত দিয়া নিৰ্দেশনা মতে,
ভাৰ্চুৱেল আৰু ঘৰৰ পৰাই কাম কৰাৰ ক্ষেত্ৰত উদগণি জনাবলৈ কোৱা হৈছে।
বিষয়া সকলৰ বাহিৰে কাৰ্যালয়ত ৫০ শতাংশ কৰ্মচাৰীহে উপস্থিত থাকিব পাৰিব। গৰ্ভৱতী মহিলা আৰু ৫ বছৰৰ তলৰ সন্তান থকা মহিলা সমূহে কাৰ্যালয়ত অহাৰ বিপৰীতে ঘৰৰ পৰাই কাম কৰিব পাৰিব।
কৰ্মস্থলীত সামাজিক দূৰত্ব মানি চলাটো বাধ্যতামূলক। লগতে দুপৰীয়া আহাৰ গ্ৰহণৰ সময়তো সামাজিক দূৰত্ব মানি চলিব লাগিব।
চৰকাৰী অথবা বেচৰকাৰী সকলো কাৰ্যালয়ত প্ৰৱেশ আৰু প্ৰস্থানৰ দ্বাৰত থাৰ্মেল স্কেনাৰ, হাত চেনিটাইজেশ্যন কৰাৰ সুবিধা সমূহ উপলব্ধ হ’ব লাগিব। তদুপৰি কাৰ্যালয় সমূহ সঘনাই চেনিটাইজেশ্যন কৰাৰ কথা কোৱা হৈছে।
ৰাজ্যৰ চৰকাৰী অথবা বেচৰকাৰী শিক্ষানুষ্ঠানৰ সন্দৰ্ভত দিয়া নিৰ্দেশনা মতে, বিদ্যালয়, মহাবিদ্যালয়, বিশ্ববিদ্যালয় আদিয়ে ভাৰ্চুৱেল মাধ্যমেৰে কাম আৰম্ভ কৰিবলৈ কোৱা হৈছে।
সকলো শিক্ষানুষ্ঠানত ৫০ শতাংশ শিক্ষাৰ্থীৰ উপস্থিতিৰে পাঠদান চলিব। পাঠদানৰ সময়সূচী প্ৰস্তুত কৰাৰ ক্ষেত্ৰত সতৰ্ক হ’ব লাগিব |শিক্ষানুষ্ঠানত প্ৰাতঃসভা অথবা বিশেষ সভা অনুষ্ঠিত কৰিব নোৱাৰিব।
প্ৰাথমিক শ্ৰেণী সমূহৰ পাঠদানৰ ক্ষেত্ৰত অনলাইন ব্যৱস্থা গ্ৰহণত অগ্ৰাধিকাৰ দিব লাগিব। শিক্ষা বিভাগে কোৰোনাকালীন পৰিস্থিতি মাজৰে পাঠদান কৰা ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিব।
যাতায়ত ব্যবস্থাৰ সন্দৰ্ভত নতুন গাইড লাইন মতে,
ৰাজহুৱা পৰিবহনৰ ক্ষেত্ৰত আসন সমূহতো ক’ভিড বিধি মানিব লাগিব। অটো ৰিক্সা, ৰিক্সা আৰু টেক্সিৰ ক্ষেত্ৰত চালকসহ দুজন যাত্ৰীহে থাকিব পাৰিব। চিটিবাছ আৰু আন্তঃজিলা বাছসমূহ ৫০ শতাংশ যাত্ৰীৰে চলিব।
ইয়াৰ উপৰিও নতুন ক’ভিড গাইড লাইন মতে, ৰাজহুৱা স্থানত মাস্ক পৰিধান কৰাটো বাধ্যতামূলক। গ্ৰাহক সকলে দোকান সমূহত নিম্নতম ৬ ফুট ব্যৱধানেৰে সামাজিক দূৰত্ব মানিব লাগিব। লগতে দোকান স্বত্বাধিকাৰীয়ে দোকানৰ সন্মূখত চেনিটাইজেশ্যন কৰাৰ সু-ব্যৱস্থা ৰাখিব লাগিব।
দোকানী আৰু গ্ৰাহক উভয়ে মাস্ক আৰু হাত মোজা পিন্ধিব লাগিব। এই ক্ষেত্ৰত দোকানৰ স্বত্বাধিকাৰীয়ে গুৰুত্ব দিব লাগিব।
চেলুন, বিউটী পাৰ্লাৰ আদিত কঠোৰ ভাৱে নিয়ম পালন কৰিহে সেৱা আগবঢ়াব পাৰিব। মাস্ক, হাত মোজা পিন্ধাটো বাধ্যতামূলক।
দৈনিক-সাপ্তাহিক বজাৰ, ঘৰুৱা সহায় ব্যৱস্থাৰ ক্ষেত্ৰত এ এছ ডি এম এ জাৰি কৰা পৰামৰ্শ সমূহ কঠোৰভাৱে বলৱৎ কৰা হ’ব।
নিৰ্দেশনাসমূহ অমান্য কৰিলে দুৰ্যোগ প্ৰশমন আইন ২০০৫ৰ দণ্ডবিধি ১৮৮ৰ ভিত্তিত গ্ৰহণ কৰা হব শাস্তিমূলক ব্যৱস্থা।
জিলা উপায়ুক্তসকলক এই আইন কঠোৰ ভাবে বলবৎ কৰিবলৈ নিৰ্দেশটোত কোৱা হৈছে ।