ৰাজ্যত ক’ভিড পৰিস্থিতি উন্নীত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি ক’ভিড প্ৰতিবন্ধকতা আৰু সান্ধ্য আইনৰ ক্ষেত্ৰত আৰু অধিক শিথিলতা অনাৰ বাবে ৰাজ্য চৰকাৰে সিদ্ধান্ত লৈছে ।

আন্তজিলা বাছ চলিব ১০০ শতাংশ যাত্ৰীৰে । ঠিয় কৰাই নিব নোৱাৰিব ।

ৰাজ্যজুৰি নৈশ সান্ধ্য আইনৰ ক্ষেত্ৰত পুনৰ শিথিলতাৰ ব্যৱস্থা। নিশা ৯.০০ বজাৰ পৰা পিছদিনা পুৱা ৫.০০ বজালৈ বলৱৎ থাকিব সান্ধ্য আইন।
নিশা ৮.০০ বজালৈ খুলিব পাৰিব হোটেল-ৰেষ্টুৰেণ্ট-ধাবা, ব্যৱসায়িক-বাণিজ্যিক প্ৰতিষ্ঠান, বিক্ৰী কেন্দ্ৰ, শ্ব’ৰোম, গেলামালৰ দোকান, পাচলিৰ দোকান আদি।

প্ৰেক্ষাগৃহ বা ৰাজহুৱা সভাগৃহ আদি আৱদ্ধ কক্ষত আয়োজিত বিশেষ অনুষ্ঠানত মুঠ আসন ক্ষমতাৰ ৫০ শতাংশ আসন সংখ্যাৰ লোকৰ অংশগ্ৰহণতহে অনুমতি থাকিব।

বিমানবন্দৰ, ৰে’ল ষ্টেচনত ভেকছিনৰ দুয়োটা পালি লাভ কৰা লোকসকলে স্ক্ৰীণিং কৰাৰ প্ৰয়োজন নাই । কেৱল প্ৰমাণপত্ৰ প্ৰদৰ্শন কৰিব লাগিব ।

কিন্তু এটা পালি লাভ কৰা যাত্ৰীসকলে পৰীক্ষা কৰিব লাগিব । এনে যাত্ৰীসকলৰ বাবে RT-PCR পৰীক্ষাৰ মূল্য ২৫০ টকালৈ হ্ৰাস কৰা হৈছে, বাকী ২৫০ টকা চৰকাৰে পৰিশোধ কৰিব ।

এইপৰ্যন্ত এপালিও ক’ভিড প্ৰতিষেধক নোলোৱাকৈ থকা চৰকাৰী বিষয়া-কৰ্মচাৰীসকলে অহা তিনিদিনৰ ভিতৰত ক’ভিড প্ৰতিষেধক গ্ৰহণ কৰিব লাগিব।

সাপ্তাহিক বজাৰসমূহ সৰ্বাধিক ৬ ঘণ্টীয়া শ্বিফ্টৰ ব্যৱধানেৰে মুকলিত অনুমতি।স্থানীয় প্ৰশাসনে এইক্ষেত্ৰত সময়সূচী তথা আনুসংগিক নিয়মসমূহ নিৰ্ধাৰণ কৰিব।

মুকলি স্থানত আয়োজিত সভা-সমিতি, সামাজিক-ৰাজহুৱা অনুষ্ঠানত কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা সৰ্বাধিক ৫০গৰাকী লোকে ভাগ ল’ব পাৰিব।

এইক্ষেত্ৰত স্থানীয় আৰক্ষীক আগতীয়াকৈ অৱগত কৰিব লাগিব। অৱশ্যে জিলা উপায়ুক্তৰ অনুমতিপ্ৰাপ্ত সভা-সমিতি-অনুষ্ঠানৰ ক্ষেত্ৰত সৰ্বাধিক ২০০ গৰাকী লোকে (কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা) অংশগ্ৰহণ কৰিব পাৰিব।

ৰাজ্যৰ বিখ্যাত ধৰ্মীয়স্থানসমূহ (কামাখ্যা মন্দিৰ, শিৱসাগৰৰ শিৱদৌল, আজানপীৰ দৰগাহ, হাজোৰ পোৱামক্কা আদি)ত প্ৰতি ঘণ্টাত সৰ্বাধিক ৪০ গৰাকী লোকৰ দৰ্শনত অনুমতি।

আন ধৰ্মীয়স্থান দৰ্শনৰ ক্ষেত্ৰত ঘণ্টাত ২০গৰাকী লোকৰ বাবে অনুমতি। কমেও এপালি ক’ভিড প্ৰতিষেধক লোৱা লোকৰ বাবেহে মুকলি থাকিব ধৰ্মীয় স্থানৰ চৌহদত প্ৰৱেশৰ সুযোগ।

লগতে পঢ়ক এবিধ থলুৱাভাৱে প্ৰস্তুত নিমখ; দাম প্ৰতি কিলোত ১,২০০ টকা! ত্ৰিপুৰাৰ যুৱকৰ ব্যতিক্ৰমী ব্যৱসায়

Subscribe to EastMojo Assam

Enter your email address to receive notifications of new stories by email.

Join 5,282 other subscribers

Leave a comment

Leave a Reply