ৰাজ্যৰ কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্য চৰকাৰে নতুন SOP ঘোষণা কৰিছে।
সংবাদমেলযোগে স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই এই নীতি–নিৰ্দেশনাসমূহৰ বিষয়ে জনালে সংবাদ মাধ্যমক।
স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয়, জিলাসমূহক তিনিটা ভাগত ভাগ কৰা হৈছে । ৭খন জিলা এক সপ্তাহৰ বাবে সম্পূৰ্ণ কণ্টেইনমেণ্ট জ’ন ঘোষণা। জিলাকেইখন হ’ল গোৱালপাৰা, গোলাঘাট, যোৰহাট, লখিমপুৰ, শোণিতপুৰ, মৰিগাঁও আৰু উত্তৰ লখিমপুৰ। কেৱল অত্যাৱশ্যকীয় সেৱা তথা গেলামালৰ দোকানহে খোলা ৰাখিব পাৰিব ৫ বজালৈ।’’
১৬খন জিলা ১ বজালৈ খোলা থাকিব। ২ বজাৰ পৰা নৈশ সান্ধ্য আইন। জিলাকেইখন হ’ল – শিৱসাগৰ, ডিব্ৰুগড়, কোকৰাঝাৰ, বৰপেটা, নলবাৰী, বাক্সা, বজালী, কামৰূপ, দৰং, নগাঁও, হোজাই, তিনিচুকীয়া, ধেমাজি, কাছাৰ, কৰিমগঞ্জ আৰু কাৰ্বি আংলং।
আনহাতে ধুবুৰী, কামৰূপ মেট্ৰ’, দক্ষিণ শালমাৰা, চিৰাং, ওদালগুৰি, মাজুলী, বঙাইগাঁও,পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, চৰাইদেউ আৰু হাইলাকান্দিত ৪ বজালৈ দোকান–পোহাৰ খোলা থাকিব আৰু ৫ বজাৰ পৰা সান্ধ্য আইন।কামৰূপ মেট্ৰ’ৰ ক্ষেত্ৰত দৃষ্টি ৰখা হ’ব, কিয়নো কোভিডৰ সংক্ৰমণ বৃদ্ধি হৈছে।
পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত। বন্ধ থাকিব শিক্ষানুষ্ঠানসমূহ। সম্পূৰ্ণ সান্ধ্য আইন ব্যৱস্থাৰ অধীনৰ জিলাসমূহত বিয়লি ৫.০০ বজালৈকে গেলামালৰ দোকান, শাক-পাচলিৰ দোকান আৰু ফলমূলৰ দোকান খোলা থাকিব। ৭ জুলাইৰ পৰা কাৰ্যকৰী হ’ব এই নিৰ্দেশনা।
সম্পূৰ্ণ সান্ধ্য আইনৰ অধীনৰ জিলাসমূহত ঔদ্যোগিক, উৎপাদনমূলক কামকাজ, চাহ বাগিচাৰ নিয়মীয়া কাম–কাজ কোভিড প্ৰট’কল অনুসৰণ কৰি চলি থাকিব।
লগতে পঢ়ক নামনি মাজুলীৰ চামগুৰিত ব্ৰহ্মপুত্ৰ বৰ্ডৰ বিষয়া কৰ্মচাৰীৰ পলায়ন