স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই ঘোষণা কৰিলে নতুন SOP। পুনৰ এসপ্তাহলৈ বন্ধ হৈ থাকিব আন্তঃজিলা যাতায়ত।
স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই সংবাদ মাধ্যমৰ জৰিয়তে জনালে এই কথা। দীৰ্ঘদিন ধৰি কোভিডৰ বাবে বন্ধ হৈ আছে আন্তঃজিলা যাতায়ত। নতুন SOP অনুসৰি আগন্তুক সোমবাৰ পৰ্যন্ত বন্ধ হৈ থাকিব আন্তঃজিলা যাতায়ত ব্যৱস্থা।
সম্পূৰ্ণ কনটেইনমেণ্ট থাকিব লগা যোৰহাট, গোলাঘাট, লখিমপুৰ, বিশ্বনাথ, শোণিতপুৰ জিলাত ২৪ ঘণ্টাই সান্ধ্য আইন থাকিব । পূৰ্বে কনটেইনমেণ্টত থকা মৰিগাঁও আৰু গোৱালপাৰা জিলাত দিনৰ ১২ বজালৈকে খোলা থাকিব আৰু ১ বজাৰ পৰা সান্ধ্য আইন । অন্য জিলাসমূহত বিয়লি ৪ বজালৈকে খোলা থাকিব আৰু ৫ বজাৰ পৰা সান্ধ্য আইন ।সম্পূৰ্ণ কনটেইনমেণ্ট থকা ৫ খন জিলাত বিয়লি ৫ বজালৈকে সকলো গেলামালৰ দোকান, গাখীৰ আদি খোলা থাকিব ।
গোলাঘাট,যোৰহাট,লক্ষিমপুৰ,বিশ্বনাথ,শোণিতপুৰত সম্পূৰ্ণ লকডাউন। মৰিগাওঁ আৰু গোৱালপাৰা দুপৰীয়া ১২ বজালৈকে খোলা থাকিব। ১ বজাৰ পৰা এই দুখন জিলাত সান্ধ্য আইন। ৰাজ্যৰ বাকী জিলাবোৰত সন্ধিয়া ৫বজাৰ পৰা পুৱা ৫বজালৈ সান্ধ্য আইন। বিয়লি ৪বজালৈকে খোলা থাকিব ।বৰ্তমান ৰাজ্যখনত ৭৯৩৬ টা মাইক্ৰ কনটেইনমেণ্ট এলেকা আছে ।
বিশেষ কোনো সালসলনি হোৱা নাই বাকী ২৭খন জিলাত। আন্তজিলা যাতায়ত পুনৰ এসপ্তাহৰ বাবে বন্ধ থাকিব ৰাজ্যত। বিয়া, ধৰ্মীয় অনুষ্ঠানত ১০জনৰো অধিক লোক সমৱেত হব নোৱাৰিব। এইক্ষেত্ৰত কঠোৰ হব চৰকাৰ।
ডিব্ৰুগড়, নগাঁৱত চৰকাৰৰ চোকা দৃষ্টি ৰাখিব চৰকাৰে। ঈদত সমূহীয়া নামাজৰ পৰিৱৰ্তে ঘৰতে নামাজ পঢ়াৰ বাবে আহ্বান কৰিলে স্বাস্থ্যমন্ত্ৰীয়ে। এই নতুন নিয়মসমূহ ২০জুলাই পুৱা ৫বজাৰ পৰা প্ৰযোজ্য হব।
এতিয়াৰে পৰা বহি:ৰাজ্যৰ পৰা অসমলৈ অহা সকলোলোকে বাধ্যতামূলকভাবে কোভিড টেষ্ট কৰিব লাগিব । ৰেলৱে ষ্টেচন, বিমান বন্দৰত সকলোৰে বাবে বাধ্যতামূলক হ’ব কোভিড টেষ্ট । উত্তৰ পূৰ্বাঞ্চলৰ পৰা অহালোকৰ বাবেও কোভিড টেষ্ট বাধ্যতামূলক হব ।
লগতে পঢ়ক ধেমাজি দুই ড্ৰাগছ সৰবৰাহকাৰী আটক