অসম চৰকাৰৰ নতুন SOP
তিনিখন জিলাত শিথিল কৰা হৈছে কাৰ্ফিউ । যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰত বিয়লি ২ বজাৰ পৰা কাৰ্ফিউ ।
লখিমপুৰ আৰু গোলাঘাট জিলা থাকিব সম্পূৰ্ণ কনটেইনমেণ্ট । এই দুখন জিলাত ২৪ ঘণ্টাই থাকিব কাৰ্ফিউ ।
বাকী ২৭ খন জিলাত একেদৰে থাকিব পূৰ্বৰ নিয়ম ।
কামৰূপ মহানগৰ জিলাকে ধৰি ২৫ খন জিলাত ৫ বজাৰ পৰা আৰম্ভ হ’ব কাৰ্ফিউ।
যোৰহাট, বিশ্বনাথ আৰু শোণিতপুৰ জিলাত বিয়লি ১ বজালৈকে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান, ৰেষ্টুৰেণ্ট-ধাবা, ব্যক্তিগত খণ্ডৰ সকলো প্ৰতিষ্ঠান আদি বিয়লি ১ বজালৈকে খোলা থাকিব । কিন্তু সাপ্তাহিক হাট-বজাৰ বন্ধ থাকিব ।
নতুন SOP অনুসৰি পূৰ্বৰ দৰেই বন্ধ থাকিব আন্তঃজিলা যাতায়াত ব্যৱস্থা।
৩১ জুলাইলৈ বাহাল থাকিব এই নিৰ্দেশনাসমূহ।
লগতে পঢ়ক শিশুৰ বাবে ভেকচিন আগষ্ট মাহৰ পৰা